ডিজিটেল ডেস্কঃ কেইবাখনো যুদ্ধত বীৰত্ব প্ৰদৰ্শন কৰি নিজকে শক্তিশালী বুলি পৰিচয় দি আহিছে ভাৰতীয় সেনাই৷ বিদেশী শত্ৰুৰ পৰা দেশক সুৰক্ষিত কৰি অহা ভাৰতীয় সেনাই পৃথিৱীৰ ভিতৰত অন্যতম শক্তিশালী সৈন্যবাহিনী হিচাপে পৰিগণিত হৈছে৷
ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত বাতৰি অনুসৰি গ্ল’ৱেল ফায়াৰপাৱাৰ তালিকাত বিশ্বৰ সকলোতকৈ শক্তিশালী সেনাবাহিনীৰ ভিতৰত ভাৰতে চতুৰ্থ স্থান অধিকাৰ কৰাৰ লগতে প্ৰথম দহটা স্থান দখল কৰিছে ব্ৰিটেইন, ফ্ৰান্স, জাপান, তুৰ্কী আৰু জাৰ্মানীয়ে৷ ইয়াৰ লগতে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ স্থান হ’ল ১৩৷
তালিকাখনৰ প্ৰথম স্থান আমেৰিকাই অধিকাৰ কৰাৰ লগতে তৃতীয় স্থানত থাকে চীন৷ গ্ল’ৱেল ফায়াৰপাৱাৰে জানিবলৈ দিয়া মতে, চীনে সৈন্য ক্ষমতাৰ দিশটোত যিদৰে দ্ৰুতগতিত আগবাঢ়ি গৈ আছে, তাৰ পৰা অনুমান হয় যে, চীনে কম সময়ৰ ভিতৰতে ৰাছিয়াক অতিক্ৰম কৰি তালিকাৰ দ্বিতীয় স্থানত অধিষ্ঠিত হ’ব৷
উল্লেখ্য যে চীনৰ হাতত ৰাছিয়াতকৈ অধিক যুদ্ধ বিমান আৰু নৌ বিমান আছে কিন্তু টেংক কম থকাৰ হেতু চীনে ৰাছিয়াৰ পাছতহে স্থান লাভ কৰিছে৷ আনহাতে ভাৰতে তালিকাত একেৰাহে শীৰ্ষ পাঁচটা স্থানত নাম সুৰক্ষিত কৰি ৰাখিছে৷ কিন্তু পাকিস্তানে প্ৰথমবাৰৰ বাবে শীৰ্ষ ১৫খন দেশৰ ভিতৰত স্থান অধিকাৰ কৰিছে৷
গ্ল’বেল ফায়াৰপাৱাৰে এই তালিকাখন প্ৰস্তুত কৰিবলৈ বিশ্বৰ সকলোবোৰ দেশৰ সৈন্য ক্ষমতাকলৈ ৫০টা বেলেগ বেলেগ বিষয়ৰ ওপৰত বিচাৰ চলাই৷ ইয়াৰ ভিতৰত সৈন্যবাহিনীৰ সংসাধনৰ লগতে প্ৰাকৃতিক সংসাধন, উদ্যোগ, ভৌগোলিক পৰিস্থিতি তথা শ্ৰম শক্তিৰ ওপৰত বিচাৰ কৰি স্থান নিৰূপন কৰে৷ তালিকাখন প্ৰস্তুত কৰোঁতে পৰমাণু শক্তিক গণনা কৰা নহয়৷ বৰঞ্চ পৰমাণু শক্তি মজুত থকা দেশসমূহক অতিৰিক্ত নম্বৰ দিয়া হয়৷ সুৰক্ষা বাজেটকো এই তালিকাত গুৰুত্বপূৰ্ণ স্থানত ৰখা হয়৷