ডিজিটেল ডেস্কঃ ১ জুনৰপৰা আৰম্ভ হ’বলগীয়া ছেম্পিয়নচ ট্ৰফীৰ বাবে সোমবাৰে টিম ইণ্ডিয়াৰ ঘোষণা কৰা হৈছে। দলত ৰোহিত শৰ্মা আৰু শিখৰ ধাৱানৰ প্ৰত্যাৱৰ্তনে অনুৰাগীসকলক উৎফুল্লিত কৰিছে।

উল্লেখ্য যে ৰোহিত শৰ্মা ২০১৬ বৰ্ষৰ নৱেম্বৰ মাহত আঘাতৰ বাবে খেলৰপৰা বিৰত আছিল। তেঁও অন্তিমখন খেল নিউজিলেণ্ডৰ বিৰুদ্ধে অক্টোবৰ মাহত খেলিছিল। একেদৰে ধাৱানে ইংলেণ্ডৰ বিৰুদ্ধে জানুৱাৰী মাহত ২ খন খেলত ভাগ লৈছিল। 

আইপিএলত দিল্লী ডেয়াৰডেভিলচৰ হৈ ভাল প্ৰদৰ্শন আগবঢ়োৱা দলটোৰ উইকেট কীপাৰ- বেটচমেন ৰিষভ পন্তে এই ট্ৰফীত খেলাৰ বাবে নিৰ্বাচিত নহ’ল। একেদৰে জেষ্ঠ খেলুৱৈ গৌতম গম্ভীৰেও এইবেলি ছেম্পিয়নচ ট্ৰফীত খেলিবলৈ সুযোগ নাপালে।

উল্লেখ্য যে আইপিএলত গম্ভীৰৰ প্ৰদৰ্শন চাই সৌৰভ গাংগুলীয়ে তেঁও দলত থকাটো বিচাৰিছিল। ট্ৰফীৰ বাবে ভাৰতীয় দলটোৰ ঘোষণা ২৫ এপ্ৰিলতে ঘোষণা কৰিব লাগিছিল যদিও ১২ দিন পলমকৈ ঘোষণা কৰা হয় দলটোৰ তালিকা।

তালিকাত থকা খেলুৱৈকেইজন হৈছেঃ

বিৰাট কোহলী (অধিনায়ক), শিখৰ ধাৱান, ৰোহিত শৰ্মা, অজেয়েংকা ৰাহানে, এমএছ ধোনী, কেদাৰ যাধৱ, যুৱৰাজ সিং, হাৰ্দিক পাণ্ডিয়া, আৰ অশ্বিন, ৰবীন্দ্ৰ যাদজা, মহম্মদ স্বামী, উমেশ যাদৱ, ভুৱনেশ্বৰ কুমাৰ, জছপ্ৰীত বুমৰাহ, মনীষ পাণ্ডে।