ডিজিটেল ডেস্কঃ ৰোহিংগীয়াসকল ম্যানমাৰলৈ উভতি নোযোৱা পৰ্যন্ত স্থিতি ভাললৈ নাহে৷ আমি বিচাৰো ৰোহিংগীয়া সকল তেওলোকৰ বাসস্থানলৈ উভতি যাওক৷ এই মন্তব্য বাংলাদেশত প্ৰকাশ কৰে ভাৰতৰ বিদেশ মন্ত্ৰী সুষমা স্বৰাজে৷ দুদিনীয়া ভ্ৰমণসুচীৰে চুবুৰীয়া দেশ বাংলাদেশৰ ঢাকাত উপস্থতি হৈ সুষমাই ৰোহিংগীয়া সন্দৰ্ভত এক প্ৰকাৰ স্থিতি স্পষ্ট কৰে৷
বাংলাদেশত উপস্থিত হৈ বিদেশ মন্ত্ৰী সুষমা স্বৰাজে তথ্য প্ৰযুক্তি সহ কেইবাটাও ক্ষেত্ৰত দুয়ো দেশৰ মাজত চুক্তিত স্বাক্ষৰ কৰে৷ দেওবাৰে বাংলাদেশত অনুষ্ঠিত এক উচ্চ পৰ্যায়ৰ বৈঠকত ৰোহিংগীয়া সন্দৰ্ভত স্থিতি স্পষ্ট কৰি বিদেশ মন্ত্ৰী সুষমাই কয় আমি বিচাৰো ৰোহিংগীয়া সকল তেওলোকৰ বাসস্থানলৈ উভতি যাওক৷ ৰাষ্ট্ৰ সংঘই এই সমস্যা সমাধানৰ বাবে কফি আন্নান আয়োগৰ আহ্বান আমি বিচাৰ কৰিম৷ তাৰ মাজতে সুষমাই ভাৰত বাংলাদেশৰ বাবে সন্ত্ৰাসবাদ-মৌলবাদ উদ্বেগৰ কাৰণ বুলি কয়৷
বাংলাদেশে সন্ত্ৰাসবাদৰ বিৰুদ্ধে লোৱা সবল স্থিতিত ভাৰতে সমৰ্থন কৰো বুলি কয়৷ আনহাতে ৰোহিংগীয়াক উভতাই নিয়াৰ বাবে ম্যানমাৰক হেচা দিবৰ বাবে ভাৰতক আহ্বান জনায় বাংলাদেশে৷ চতুৰ্থ যৌথ সমিতিৰ বৈঠকত বাংলাদেশৰ বিদেশ মন্ত্ৰী এ এইচ মাহমুদে ম্যানমাৰৰ ওপৰত ৰোহিংগীয়াক ওভতাই লবৰ বাবে ভাৰতক চাপ সৃষ্টি কৰাৰ লগতে ভাৰতৰ বিৰুদ্ধে বাংলাদেশৰ মাটি ব্যৱহাৰ কৰিব নিদিয়াৰ কথাও স্পষ্ট কৰে বাংলাদেশ৷ আমি পৰস্পৰে বিশ্বস্ত বন্ধু বুলি কয় বাংলাদেশৰ বিদেশ মন্ত্ৰীয়ে৷