কেণ্টঃ আমেৰিকাত ক্ৰমাত বৃদ্ধি পাইছে বিদ্বেষজনিত হিংসা৷ ৷ নিউয়ৰ্কৰ কেন্ট চহৰত পুনৰ দুৰ্বৃত্তৰ আক্ৰমণৰ লক্ষ্য হ’ল ভাৰতীয় মূলৰ ব্যক্তি৷ শুক্ৰবাৰে সংঘটিত হয় এই ঘটনা৷ কেণ্ট চহৰ নিবাসী ৩৯ বৰ্ষীয় দীপ ৰায় নামৰ ব্যক্তিজনে ঘৰৰ বাহিৰত নিজৰ গাড়ীখনৰ মেৰামতিৰ কাম কৰি আছিল। তেনেতে অচিনাক্ত বন্দুককধাৰী পথচাৰী এজনে তেওঁক বাহুত গুলি কৰে৷ আক্ৰমণ কৰাৰ পিছত আক্ৰমণকাৰীয়ে নিজ দেশলৈ উভতি যাবলৈ হুমকি দিয়ে ৰায়ক৷

এই ঘটনাক যথেষ্ট গুৰুত্বসহকাৰে লোৱা হৈছে বুলি কেণ্ট আৰক্ষীয়ে জনায়। আজি এই ঘটনাত দুখ প্ৰকাশ কৰিছে বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজে৷