Home ৰাজনীতিএডিআৰৰ ৰিপ’ৰ্টঃ দেশত সাম্প্ৰদায়িকতাৰ বিষ ছটিওৱা ৯০ শতাংশই বিজেপি নেতা

এডিআৰৰ ৰিপ’ৰ্টঃ দেশত সাম্প্ৰদায়িকতাৰ বিষ ছটিওৱা ৯০ শতাংশই বিজেপি নেতা

by News Desk
60 views
A+A-
Reset

ডিজিটোল ডেস্কঃ দেশৰ ৫৮ গৰাকী সাংসদ তথা মন্ত্ৰীৰ বিৰুদ্ধে বিভেদকামী আৰু সাম্প্ৰদায়িক মন্তব্য প্ৰদানক লৈ গোচৰ ৰুজু হৈ আছে৷ এই তথ্য প্ৰকাশ পাইছে এচ’চিয়েছন অৱ ডেমক্ৰেটিক ৰিফাৰ্মচ (এডিআৰ)ৰ এক সমীক্ষাত৷ দেশত বিভিন্ন সময়ত বিদ্বেষপূৰ্ণ মন্তব্যৰে বিভেদ আৰু সাম্প্ৰদায়িকতাৰ বীজ ৰোপন কৰা সাংসদ-মন্ত্ৰী-নেতাসকলৰ অধিকাংশই হৈছে বিজেপি নেতা৷

এডিআৰৰ প্ৰতিবেদনখনত কোৱা হৈছে- ‘লোকসভাৰ বৰ্তমানৰ ১৫গৰাকী সাংসদে ভাষণ প্ৰসংগত বিভেদকামী আৰু সাম্প্ৰদায়িক মন্তব্য প্ৰদানৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ বিষয়ে উল্লেখ কৰিছে৷ কিন্তু ৰাজ্যসভাৰ কোনো সদস্যই এই বিষয়ে উল্লেখ কৰা নাই৷’
  
এডিআৰৰ প্ৰতিবেদন অনুসৰি, লোকসভাত যি ১৫গৰাকী সাংসদে নিজৰ বিৰুদ্ধে বিদ্বেষমূলক মন্তব্য প্ৰচাৰৰ বাবে ৰুজু হোৱা গোচৰৰ বিষয়ে স্বীকাৰ কৰিছে, তাৰ ভিতৰত ১০ গৰাকী সাংসদেই হৈছে বিজেপি দলৰ৷ আনফালে, এআইইউডিএফ, তেলংগানা ৰাষ্ট্ৰ সমিতি, পীএমকে, এআইএমআইএম আৰু শিৱসেনা দলৰো এগৰাকীকৈ সাংসদে বিভেদকামী আৰু সাম্প্ৰদায়িকতাৰ বীজ ৰোপণৰ বাবে চেষ্টা চলাইছিল৷  

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0