newsnextone.com | ডিজিটেল ডেস্কঃ যোৱা ৬ আগষ্টত ইণ্ডোনেছিয়াত ৭ ৰিখটাৰ স্কেলৰ ভূমিকম্প অনূভুতঃ হোৱাত দেশ খনৰ বিস্তৰ ক্ষতি সাধন হয়। এতিয়ালৈ মৃত্যুৰ সংখ্যা ১০৫ জনলৈ বৃদ্ধি হৈছে। বৰ্তমানেও উদ্ধাৰ অভিযান চলি আছে। ফলত মৃত্যুৰ সংখ্যা আৰু বৃদ্ধিৰ হোৱাৰ আশংকা কৰা হৈছে।

 দেশ খনৰ লম্বক বেলী দ্বীপ আৰু দেশৰ আন আন ঠাইত তীব্ৰ জোকৰণি মৰাত ঘৰ-দুৱাৰৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে ভূমিকম্পৰ পিছতে ৩৭ গৰাকী লোকৰ মৃত্যু হোৱা বুলি চৰকাৰী সুত্ৰই প্ৰকাশ কৰিছিল যদিও এতিয়ালৈ ১০৫ জন মৃত্যুৰ সংখ্যা বৃদ্ধি হৈছে।

বৰ্তমানেও উদ্ধাৰ অভিযান চলি থকাৰ লগতে দেশত জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে। বহু আট্টালিকা খহি পৰে। আট্টালিকাত বৰ্তমানেও বহু লোক আবদ্ধ হৈ থকা বুলি আশংকা কৰা হৈছে।