Home বিশ্বভাৰতীয় বৈমানিকে চলাইছিল ইণ্ডোনেছিয়াৰ ‘লায়ন এয়াৰ’ৰ ভূপতিত বিমান

ভাৰতীয় বৈমানিকে চলাইছিল ইণ্ডোনেছিয়াৰ ‘লায়ন এয়াৰ’ৰ ভূপতিত বিমান

by News Desk
A+A-
Reset
Lionair-indonesia-plane-crash_001-4_3

জাকাৰ্টাঃ সোমবাৰে পুৱা জাকাৰ্টাৰপৰা উৰা মৰাৰ কিছু সময়ৰ পাছতে যোগাযোগ বিছিন্ন হৈ পৰা ইণ্ডোনেছিয়াৰ লায়ন এয়াৰৰ বিমানখনৰ পাইলট আছিল ভাৰতীয়। ভাৱ্যে ছুনেজা নামৰ বিমান চালকজনৰ ঘৰ দিল্লীত যদিও তেওঁ পৰিয়ালসহ জাকাৰ্টাতে বাস কৰিছিল। 
আজি পুৱা বিমানখনে ১৮৯ জন যাত্ৰী লৈ উৰা মৰাৰ ১৩ মিনিটৰ পাছতে ইণ্ডোনেছিয়ান সাগৰত ভূপতিত হয়। বিমানখনত ২৩ জন চৰকাৰী বিষয়াও আছিল৷ তিনি শতাধিক সেনা, আৰক্ষী, উদ্ধাৰকাৰী বাহিনীৰ সদস্য আৰু স্থানীয় মাছমৰিয়াই উদ্ধাৰকাৰ্যত নামি পৰিছে যদিও এতিয়ালৈকে এজন যাত্ৰীকো জীৱন্ত বা মৃত অৱস্থাত উদ্ধাৰ কৰিব পৰা নাই। অৱশ্যে পানীত ওপঙি থকা অৱস্থাত একাংশ যাত্ৰীৰ পৰিচয়-পত্ৰ, বেগ আৰু বিমানৰ ভগ্নাৱশেষ লাভ কৰিছে উদ্ধাৰকাৰীয়ে। 
বেল এয়াৰ ইণ্টাৰনেচনেলৰপৰা ২০০৯ চনত পাইলটৰ লাইচেন্স লাভ কৰা ৩১ বছৰীয়া ছুনেজাৰ ৬০০০ ঘণ্টা বিমান উৰণৰ অভিজ্ঞতা আছিল বুলি লায়ন এয়াৰে জানিবলৈ দিছে। ২০১১ চনৰপৰা পাইলটকনৰ দিল্লীত থকা পৰিয়ালৰ লোক ইতিমধ্যে জাকাৰ্টালৈ উৰা মাৰিছে। 
মন কৰিবলগীয়া যে এয়াৰ বাছখন একেবাৰে নতুন আছিল আৰু বিমান পৰিবহন সংস্থাটোৱে বিমানখন যোৱা আগষ্ট মাহতহে ক্ৰয় কৰিছিল। ইমান নতুন বিমানখন কি কাৰণে দুৰ্ঘটনাত পতিত হ’ল সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই। বিমানখনৰ ব্লেক বক্সটো উদ্ধাৰ কৰা হৈছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0