newsnextone.com | ডিজিটেল ডেস্কঃ ইণ্ডোনেছিয়াৰ উপকূলত এক নৌকা দুৰ্ঘটনাত প্ৰায় ৪১ গৰাকী যাত্ৰী সন্ধানহীন হৈ থকাৰ বাতৰি লাভ কৰা হৈছে৷ আন্তৰ্জাতিক সংবাদ মাধ্যম ৰায়টাৰ্ছৰ বাতৰি মতে এই দুৰ্ঘটনাত ২৯ গৰাকী লোকৰ মৃত্যু ঘটিছে৷ 

বাতৰি মতে, কেএম লাষ্টাৰী যাত্ৰীবাহী নৌকাখনে প্ৰায় ১৪০ গৰকী যাত্ৰী আৰু কেইবাখনো বাহন কঢ়িয়াই নি থকা সময়তে এই দুৰ্ঘটনা সংঘটিত হয়৷ ইণ্ডোমেছিয়াৰ আটাইতকৈ জনবহুল দ্বীপ জাৱাৰ উত্তৰৰ উপকূলৰ পৰা প্ৰায় ৩০০ মিটাৰ নিলগত দুৰ্ঘটনাটো সংঘটিত হয়৷

বাতৰি মতে, অধিক ওজন কঢ়িয়াই নিয়া বাবেই নাওখন দুৰ্ঘটনাগ্ৰস্থ হয়৷ দুৰ্ঘটনাত ২৯ জন যাত্ৰী নিহত হোৱাৰ লগতে ৪১ জন যাত্ৰী এতিয়াও সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে৷ আনহাতে নাওখনেৰে যাত্ৰা কৰা ৭০ জন লোকক উদ্ধাৰ কৰা হৈছে৷ 

উল্লেখ্য যে, দুটা সপ্তাহ পূৰ্বে বিখ্যাত পৰ্যটনদ্বীপ সুমাত্ৰাত এখন জাহাজ সন্ধানহীন হৈছিল৷ জাহাজখনত ১৬০ গৰাকী লোকে যাত্ৰা কৰিছিল৷