newsnextone.com | ডিজিটেল ডেস্কঃ ইণ্ডোনেছিয়াৰ উপকূলত এক নৌকা দুৰ্ঘটনাত প্ৰায় ৪১ গৰাকী যাত্ৰী সন্ধানহীন হৈ থকাৰ বাতৰি লাভ কৰা হৈছে৷ আন্তৰ্জাতিক সংবাদ মাধ্যম ৰায়টাৰ্ছৰ বাতৰি মতে এই দুৰ্ঘটনাত ২৯ গৰাকী লোকৰ মৃত্যু ঘটিছে৷
বাতৰি মতে, কেএম লাষ্টাৰী যাত্ৰীবাহী নৌকাখনে প্ৰায় ১৪০ গৰকী যাত্ৰী আৰু কেইবাখনো বাহন কঢ়িয়াই নি থকা সময়তে এই দুৰ্ঘটনা সংঘটিত হয়৷ ইণ্ডোমেছিয়াৰ আটাইতকৈ জনবহুল দ্বীপ জাৱাৰ উত্তৰৰ উপকূলৰ পৰা প্ৰায় ৩০০ মিটাৰ নিলগত দুৰ্ঘটনাটো সংঘটিত হয়৷