Home দেশআদিবাসী মহানায়ক শিবু ছোৰেনৰ বিয়োগ, তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা

আদিবাসী মহানায়ক শিবু ছোৰেনৰ বিয়োগ, তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা

by News Next One
A+A-
Reset

নতুন দিল্লীঃ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত শেষ নিশ্বাস ত্যাগ কৰিলে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাজ্যৰ শাসকীয় দল ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰতিষ্ঠাপক শিবু ছোৰেনে। দেশৰ আদিবাসী আন্দোলনৰ মহানায়ক হিচাপে পৰিচিত শিবু ছোৰেনৰ বিয়োগৰ সময়ত বয়স আছিল ৮১ বছৰ। সোমবাৰে পুৱা দিল্লীৰ গংগাৰাম হাস্পতালত ভেন্টিলেচনত থকা অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। তেওঁৰ পুত্ৰ বৰ্তমানৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে ছ’চিয়েল মিডিয়াত পিতৃৰ বিয়োগৰ খবৰ নিশ্চিত কৰাৰ পিছতে ৰাজ্যজুৰি নামে শোকৰ বন্যা।

উল্লেখ্য যে, বৃক্কৰ জটিলতাৰ বাবে বিগত এমাহ ধৰি তেওঁ চিকিৎসালয়ত ভৰ্তি হৈ আছিল। তেওঁৰ মৃত্যুত শোকবিহ্বল হৈ পৰিছে ঝাৰখণ্ডকে ধৰি সমগ্ৰ দেশ। প্ৰণিধানযোগ্য যে, আদিবাসী সম্প্ৰদায়ৰ ‘দিশম গুৰু’ হিচাপে পৰিচিত শিবু ছোৰেনে গোটেই জীৱন আদিবাসীৰ অধিকাৰ আৰু মাটিৰ সমস্যাৰ বাবে যুঁজি আহিছে। সৰুতে মাটিৰ লোভত দেউতাকক ধনদাতাই হত্যা কৰিছিল। সেই ঘটনাৰ প্ৰভাৱৰ বাবেই তেওঁ ৰাজনীতিত প্ৰৱেশ কৰিছিল। তেওঁৰ নেতৃত্বত গঢ়ি উঠিছিল ‘ধান কাটনি আন্দোলন’, য’ত তেওঁ ধনদাতাই আদিবাসী শ্ৰমৰ শোষণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। তেওঁ কাঁড় আৰু বাঁহৰ প্ৰতীক লৈ ঝাৰখণ্ড মুক্তি মৰ্চা গঠন কৰে, যিটো পিছলৈ ঝাৰখণ্ড আন্দোলন আৰু ৰাজ্য গঠনৰ মূল চালিকা শক্তি হৈ পৰে।

শিবু ছোৰেনৰ বিয়োগৰ পিছত ঝাৰখণ্ড চৰকাৰে তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা কৰিছে। অহা ৪, ৫ আৰু ৬ আগষ্টত ৰাজ্যৰ সকলো চৰকাৰী ভৱনত অৰ্ধনিমিত হ’ব ৰাষ্ট্ৰীয় পতাকা, আৰু সকলো চৰকাৰী অনুষ্ঠান বাতিল কৰা হৈছে। একে সময়তে ৪ আৰু ৫ আগষ্টত বন্ধ থাকিব ৰাজ্য চৰকাৰৰ সকলো কাৰ্যালয় আৰু শিক্ষানুষ্ঠান। ইফালে, সোমবাৰে নিশাই দিল্লীৰ পৰা বিশেষ বিমানেৰে শিবু ছোৰেনৰ নশ্বৰ দেহ ৰাঁচীলৈ অনা হয়। বিমানবন্দৰত ফুলেৰে মেৰিয়াই থোৱা এম্বুলেন্সত তেওঁক মোৰাবাদীৰ বাসগৃহলৈ লৈ যোৱা হয়, য’ত সকলো শ্ৰেণীৰ লোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

মঙলবাৰে তেওঁৰ পূৰ্বপুৰুষৰ গাঁও নেমৰাত তেওঁৰ অন্তিম অনুষ্ঠান ৰাজকীয় সন্মানেৰে সম্পন্ন কৰা হ’ব। আদিবাসী মহানায়ক শিবু ছোৰেনৰ বিয়োগে শোকস্তব্ধ কৰি তুলিছে দেশৰ ৰাজনৈতিক জগত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গংগাৰাম হাস্পতালত পৰিয়ালটোৰ সাক্ষাৎ কৰি গভীৰ শোক প্ৰকাশ কৰে। কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেও হাস্পতালত উপস্থিত হৈ প্ৰয়াত শিবু ছোৰেনক শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। বৰ্ষীয়ান নেতাগৰাকীৰ বিয়োগৰ পৰিপ্ৰেক্ষিতত নিৰ্ধাৰিত বিহাৰ যাত্ৰা বাতিল কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও। তেওঁ বিহাৰ যাত্ৰা ১৭ আগষ্টলৈকে পিছুৱাই দিয়ে।

ইফালে, এইগৰাকী কিংবদন্তি নেতাক শ্ৰদ্ধাঞ্জলি জনাই ৰাঁচীৰ বিভিন্ন কোণত পোষ্টাৰ আৰু বেনাৰ লগোৱা হৈছে। ঝাৰখণ্ড মুক্তি মৰ্চাৰ মুখ্য কাৰ্যালয়ত কটকটীয়া কৰা হৈছে নিৰাপত্তা। বিভিন্ন জিলাৰ পৰা হাজাৰ হাজাৰ লোক আহি মোৰাবাদীৰ ঘৰৰ সন্মুখত সমবেত হৈ দিশম গুৰুক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

প্ৰণিধানযোগ্য যে, ঝাৰখণ্ডৰ ৰাজনীতিত ‘গুৰুজী’ নামেৰে অধিক পৰিচিত আছিল শিবু ছোৰেন। ২০০০ চনত বিহাৰৰ বিভাজন আৰু ঝাৰখণ্ডক পৃথক ৰাজ্য হিচাপে স্বীকৃতি দিয়াত তেওঁৰ আন্দোলনে মুখ্য ভূমিকা পালন কৰিছিল। তেওঁ তিনিবাৰকৈ কম সময়ৰ বাবে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৫ চনত ১০ দিন, তাৰ পিছত ২০০৮-২০০৯ আৰু ২০০৯-২০১০ চনত তেওঁ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইউপিএ চৰকাৰত কেন্দ্ৰীয় কয়লা মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল শিবু ছোৰেনে।

News Next One
Author: News Next One

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0