representative image

Representative image

গোলাঘাটৰ নিজা প্ৰতিবেদক:   ৰাজ্য খনত বৰ্দ্ধিত ক'ভিড ৰোগীৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে এলানি নতুন নিয়মাৱলী প্ৰযোজ্য কৰিছে ৷ এই নতুন নিয়মাৱলীত কিছু নিয়ম পূৰ্বৰ দৰে বাহাল থাকিব যদিও এইবেলি আন্তঃজিলা যাতায়তত বাধা আৰোপ কৰা হৈছে ৷ অৰ্থাৎ এখন জিলাৰ মানুহ আন এখন জিলালৈ যাব নোৱাৰিব ৷ কিন্তু ৰোগীৰ ক্ষেত্ৰত এই নিয়ম শিথিল যদিও সঠিক আৰু শুদ্ধ কাগজ দেখুৱাব লাগিব ৷ 

আজি বৰপেটা জিলাৰ ফখৰুদ্দিল আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই আন্তঃজিলা যাতায়ত কাইলৈৰ পৰা পোন্ধৰ দিনলৈ বন্ধ থাকিব বুলি কয় ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে এই কথাও স্পষ্ট কৰি দিয়ে যে ক'ভিড ৰোগী বেছি থকা জিলাৰ পৰা যদি ক'ভিড ৰোগী ক'ম থকা জিলালৈ কোনো লোক যাতায়ত কৰে তেনেহ'লে ৰোগ সংক্ৰমণৰ আশংকা আছে গতিকে পোন্ধৰদিনলৈ এই ব্যৱস্থা হাতত লোৱা হৈছে বুলি জনায় ৷ ইয়াৰ বাবে ইতিমধ্যে প্ৰতিখন জিলাৰ জিলা উপায়ুক্তক ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়ে ৷