newsnextone.com | নগাঁওঃ আই পি এলৰ জুৱা এতিয়া চৌদিশে৷ বিশ্বকাপৰ পিছতে জনপ্ৰিয়তাৰ ক্ষেত্ৰত উল্লেখনীয় স্থান দখল কৰিবলৈ সক্ষম হোৱা টি-২০ পৰ্যায়ৰ এই প্ৰতিযোগিতাখন এতিয়া পূৰ্ণ গতিত চলি আছে ৷ 

বিশ্বৰ বছা বছা আগশাৰীৰ খেলুৱৈৰ অংশগ্ৰহনেৰে গঠিত মুঠ ৮টা দলৰ মাজত অনুষ্ঠিত হোৱা ধন সৰ্বস্ত প্ৰতিযোগিতাখনত প্ৰতিটো দলেই মৰণ-পণ যুঁজেৰে বিপক্ষৰ বিৰুদ্ধে ভাল খেল প্ৰদৰ্শন কৰি প্ৰতিখন খেলেকে কৰি তুলিছে উপভোগ্য৷

উত্তেজনাৰে ভৰপুৰ ক্ৰিকেটৰ এই ৰণখন যিমানেই অন্তিম পৰ্যায়লৈ আগবাঢ়ি গৈছে, সিমানেই ক্ৰিকেটপ্ৰেমীৰ মাজত ইয়াক লৈ চলি থকা বিভিন্ন জল্পনা-কল্পনা দুগুণে বৃদ্ধি পোৱা দেখা গৈছে৷ 

বৰ্তমান প্ৰতিযোগিতাখনিৰ লীগ পৰ্যায়ৰ খেলসমূহ সমাপ্ত হৈ নক আউট পৰ্যায়লৈ ধাবৱান হোৱাত ক্ৰিকেটপ্ৰেমীৰ মাজত পূৰ্বতকৈ অধিক বৃদ্ধি পাইছে উন্মাদনা আৰু আলোচনা-বিলোচনা৷ সম্প্ৰতি যুৱ চামৰ পৰা আৰম্ভ কৰি চেমনীয়ালৈকে মূল আলোচনাৰ বিষয় হৈছে আই পি এলৰ৷ 

চহৰ-নগৰৰ কথা বাদেই গাঁৱে-ভূঞেও থকা হাট-বজাৰ, জিৰণী চ’ৰা, তিনিআলি-চাৰিআলি বা ক্লাৱ ঘৰ আদিত চলিছে কেৱল আই পি এলৰ মহাৰণৰ চৰ্চা৷ ক্ৰিকেটপ্ৰেমীসকলে নিজৰ অজ্ঞাতে কোনোবা দলৰ পক্ষ লৈ সেই দলৰ হৈ বিজয় কামনা কৰিছে৷ আনকি বহুতে আকৌ ঘাইকৈ যুৱ চামে নিজৰ নিজৰ পছন্দৰ দলৰ হৈ বাজি লগাই আই পি এল জ্বৰত আক্ৰান্ত হৈ পৰা পৰিলক্ষিত হৈছে৷