ডিজিটেল ডেস্কঃ ইৰাণৰ ৰাজধানী চহৰ টেহৰাণৰ সংসদ ভৱনত অতৰ্কিতে হোৱা গুলিবৰ্ষণ আৰু আত্মঘাটি বোমাৰুৰ আক্ৰমণত অতিকমেও তিনিজন লোক নিহত হৈছে৷ সন্ত্ৰাসবাদী সংগঠন আইছিছৰ নেতৃত্বত হোৱা এই গেৰিলা আক্ৰমণৰ পিছতে সংসদ ভৱনৰ কেউফালৰ দ্বাৰ বন্ধ কৰি দিয়াৰ লগতে সমগ্ৰ অঞ্চলজুৰি আতংকৰ সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মেট্ৰো চহৰখনত পথ অৱৰোধ কৰি দিয়া হৈছে৷ 

হাতত ৰাইফল-পিষ্টল লৈ আজি দিন দুপৰতে চাৰিজনকৈ আত্মঘাটি বোমাৰুৱে সংসদৰ চৌহদত বিস্ফোৰণ ঘটোৱাৰ পিছতে এজন সুৰক্ষা কৰ্মীকে ধৰি আন দুজন লোক আক্ৰমণত নিহত হয়৷ ইয়াৰে এজনে সংসদ ভৱনটোৰ চতুৰ্থ মহলালৈ উঠি গৈ তাতে বোমা বিস্ফোৰণ ঘটায়৷ 

মিজান অনলাইন নিউজ এজেন্সীটোত প্ৰকাশ পোৱা মতে সন্ত্ৰাসবাদীৰ গোটটোত মহিলাও অন্তৰ্ভুক্ত আছিল৷ তাৰে এগৰাকী মহিলাই আত্মঘাটি বোমা বিস্ফোৰণ কৰাৰ পিছতে আন এগৰাকীক ছটাকৈ গ্ৰেণেডসহ আটক কৰা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে৷ সংসদৰ অধক্ষ্য আলি লাৰিজানীয়ে অৱশ্যে এই ঘটনাক এক সৰু ঘটনা বুলি মন্তব্য কৰিছে৷