ডিজিটেল ডেস্কঃ পাকিস্তানৰ বিৰুদ্ধে যুজিবলৈ সাজু হৈছে ইৰাণ৷ প্ৰয়োজন সাপেক্ষে পাকিস্তানৰ ভিতৰতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ইৰাণে যুজিব বুলি উল্লেখ কৰিছে দেশখনৰ সেনাৰ মুৰব্বী মহম্মদ বাকৰীয়ে৷ বাকৰীয়ে কয় যে যদিহে পাকিস্তানে চুন্নী সন্ত্ৰাসবাদীক দমন নকৰে তেন্তে ইৰাণেই এই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব৷
মুলত পাকিস্তান আৰু ইৰাণৰ সীমাত বৃদ্ধি পাইছে চুন্নী সন্ত্ৰাসবাদীৰ কূটঘাতমুলক কাৰ্যকলাপ৷ বিগত ১০ মাহত চুন্নী সন্ত্ৰাসবাদীৰ হাতত বহুকেইজন ইৰাণী সেনা নিহত হৈছে৷ সেইবাবেই এতিয়া চুন্নী সন্ত্ৰাসবাদীক এসেকা দিবলৈ সাজু হৈছে ইৰাণ৷