কাবুলঃ আফগানিস্তানৰ ৰাজধানী কাবুলত সোমবাৰে পুনৰ আত্মঘাতী আক্ৰমণ সংঘটিত কৰে সন্ত্ৰাসবাদীয়ে। ইৰাকী দূতাবাসৰ সমুখত চলোৱা এই আক্ৰমণত এজন সুৰক্ষা কৰ্মী গুৰুতৰভাৱে আহত হোৱাৰ লগতে দূতাবাসৰ ভৱনৰ যথেষ্ট ক্ষতিসাধন হয়।

এই ঘটনাৰ মাজতে তিনি বন্দুকধাৰীয়ে দূতাবাসৰ ভিতৰত প্ৰৱেশ কৰে। প্ৰায় ৪ ঘণ্টা ধৰি অভিযান চলাই তিনিওটা বন্দুকধাৰীক ধৰাশায়ী কৰে আফগান আৰক্ষীয়ে।

পিছত এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰে আইছিছে। সন্ত্ৰাসবাদী সংগঠনটোৱে দূতাবাসত প্ৰৱেশ কৰি ৭গৰাকী আফগান সুৰক্ষাকৰ্মীক হত্যা কৰা বুলি দাবী কৰিছে।

কিন্তু আইছিছৰ উক্ত দাবীক নস্যাৎ কৰিছে আফগানিস্তানৰ গৃহমন্ত্ৰণালয়ৰ শীৰ্ষ বিষয়ববীয়াই। আফগান চৰকাৰী সূত্ৰৰ মতে এই আক্ৰমণত দূতাবাসৰ গৃহৰ ক্ষতি হোৱাৰ লগতে এজন জোৱান আহত হয়।