ডিজিটেল ডেস্কঃ তিনি ইছলামিক সন্ত্ৰাসবাদীৰ আক্ৰমণত শনিবাৰে নিশা লণ্ডন ব্ৰীজ ৰক্তাক্ত হৈ পৰাৰ পিছতে আজি এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে নৃশংস সন্ত্ৰাসবাদী সংগঠন আইছিছে।

দেওবাৰে আইছিছৰ চেনেল আমাকৰ যোগেদি এই কথা সদৰী কৰিছে সংগঠনটোৱে।

উল্লেখ্য যে শনিবাৰৰ এই আক্ৰমণত সন্ত্ৰাসবাদী কেইজনে গাড়ীৰে মহিটিয়াই নিয়ে কেবাজনো লোকক।

তাৰ পিছতেই ব্ৰীজখনৰ পথচাৰী তথা সমীপৰে বৰো মাৰ্কেটত ছুৰিৰে ঘপিয়াইও কেবাজনক আহত কৰে উক্ত সন্ত্ৰাসবাদীকেইজনে। যোৱা তিনিমাহত এয়া লণ্ডনত হোৱা তৃতীয়টো সন্ত্ৰাসবাদী আক্ৰমণ।