নতুন দিল্লীঃ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন আইছিছৰ সৈতে এতিয়াও বহু মৌলবাদী সংগঠনে সম্পৰ্ক ৰক্ষা কৰি আহিছে৷

শেহতীয়াকৈ দেশৰ ৰাজধানী দিল্লী আৰু উত্তৰ প্ৰদেশৰ কেইবাটাও মৌলবাদী সংগঠনে আইছিছৰ সৈতে সম্পৰ্ক ৰক্ষাৰ তথ্য ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা, চমুকৈ ‘নিয়া’ ই লাভ কৰিছে৷

এই তথ্যৰ ভিত্তিত নিয়া’ই নতুনকৈ সৃষ্টি হোৱা সংগঠন হৰকত-উল-হাৰ্ব-ই-ইছলাম নামৰ সংগঠনটোৰ কেইবাটাও ঘাটিত তালাচী চলায়৷

নিয়াৰ এজন মুখপাত্ৰই প্ৰকাশ কৰা মতে বুধবাৰে পুৱাৰেপৰা আৰম্ভ হোৱা এই অভিযান এতিয়াও অব্যাহত আছে৷ 

দিল্লী আৰু উত্তৰ প্ৰদেশৰ ১৬ টা স্থানত চলোৱা হৈছে এই অভিযান৷

নিয়াই অধিক তথ্য প্ৰকাশৰ পৰা বিৰত আছে৷