লণ্ডনঃ বৃটিছ সংসদ ভৱনৰ সমুখতে হোৱা আক্ৰমণত ইছলামিক কট্টৰপন্থীৰ হাত থাকিব পাৰে বুলি বৃটিছ আৰক্ষীয়ে ইতিমধ্যে সন্দেহ প্ৰকাশ কৰিছিল। সেই কথাই প্ৰতিপন্ন হৈছে আজি। লণ্ডন আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে আইছিছে। কালি সংঘটিত বৃটিছ সংসদ ভৱনৰ আক্ৰমণত নিজে জড়িত বুলি ঘোষণা কৰিছে সন্ত্ৰাসবাদী সংগঠনটোৱে৷ 

বুধবাৰে ভাৰতীয় সময় অনুসৰি ৮ বাজি ১০ মিনিটত বৃটিছ সংসদ ভৱনৰ ৱেষ্টমিনিষ্টাৰ ব্ৰীজৰ ওপৰত হোৱা এই সন্ত্ৰাসবাদী আক্ৰমণত ৫ জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে অতিকমেও ৪০ জন লোক আহত হৈছিল।

উল্লেখ্য যে এই সন্দৰ্ভত বৃটিছ আৰক্ষীয়ে বাৰ্মিংহামৰ আশে-পাশে ভালেমান স্থানত ওৰেনিশা চলোৱা অভিযানত ৭ জনকৈ লোকক ধৰিছিল।