66
ডিজিটেল ডেস্কঃ পৱিত্ৰ ৰমজান মাহতো শান্তি নিবিচাৰে নৃশংস সন্ত্ৰাসবাদী সংগঠন আইছিছে। সেয়ে তেজৰ ফাকু খেলাৰ বাবে প্ৰস্তুতি চলাইছে সংগঠনটোৱে। কেইদিনমানৰ ভিতৰতে পুনৰ ভয়াবহ আক্ৰমণৰ ভাবুকি দিছে এই আইছিছে৷
পশ্চিমীয়া দেশসমুহক লক্ষ্য কৰি এই আক্ৰমণ সংঘটিত কৰিব উগ্ৰপন্থী সংগঠনটোৱে৷ ইউটিউবত এক ভিডিঅ’ৰ জৰিয়তে এই বাৰ্তা প্ৰেৰণ কৰিছে আইছিছে৷ পবিত্ৰ ৰমজান মাহৰ মাজতেই কূটাঘাত সংঘটিত কৰিব বুলি উক্ত ভিডিঅ’ত উল্লেখ কৰিছে সংগঠনটোৱে৷