Home বিশ্ব৬০ দিনীয়া যুদ্ধবিৰতিৰ বাবে সন্মতি ইজৰাইলৰ

৬০ দিনীয়া যুদ্ধবিৰতিৰ বাবে সন্মতি ইজৰাইলৰ

by News Next One
A+A-
Reset

জেৰুজালেমঃ গাজা উপত্যকাৰ চলমান অস্থিৰতাৰ মাজতেই প্ৰকাশ পাইছে যুদ্ধবিৰতিৰ এক শুভ সংবাদ। মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মঙলবাৰে কয় যে ইজৰাইলে ৬০ দিনৰ যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে। তেওঁ হামাছক এই চুক্তি মানি ল’বলৈ আহ্বান জনায়, অন্যথা পৰিস্থিতি আৰু বেয়া হ’ব বুলি সকীয়াই দিয়ে। ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়াত কয় যে তেওঁৰ প্ৰতিনিধিসকলে ইজৰাইলৰ বিষয়াসকলৰ সৈতে গাজা সন্দৰ্ভত এক “দীঘলীয়া আৰু ফলপ্ৰসূ” বৈঠকত মিলিত হৈছিল।

তেওঁ উল্লেখ কৰে যে শান্তি অনাৰ বাবে কঠোৰ পৰিশ্ৰম কৰা কাটাৰ আৰু ইজিপ্তে এই চূড়ান্ত প্ৰস্তাৱ হামাছৰ ওচৰত দাখিল কৰিব। ট্ৰাম্পে আশা প্ৰকাশ কৰে যে হামাছে মধ্যপ্ৰাচ্যৰ কল্যাণৰ বাবে এই চুক্তি গ্ৰহণ কৰিব। এই প্ৰস্তাৱিত যুদ্ধবিৰতিৰ নিৰ্দিষ্ট চৰ্তসমূহ এতিয়াও প্ৰকাশ কৰা হোৱা নাই। অৱশ্যে সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইয়াৰ ভিতৰত ৬০ দিনীয়া যুদ্ধবিৰতিৰ সময়ত হামাছে আবদ্ধ কৰি ৰখা প্ৰায় ১০ জন জীৱিত আৰু ১৮ জন মৃত ইজৰাইলী পণবন্দীক মুকলি কৰি দিয়াটোও অন্তৰ্ভুক্ত হ’ব পাৰে।

ইজৰাইলৰ মতে গাজাত এতিয়াও প্ৰায় ৫০ জন পণবন্দী আছে, ইয়াৰে আধাতকৈও কম লোক জীয়াই আছে। বাকী থকা পণবন্দীসকলক স্থায়ী যুদ্ধবিৰতি চুক্তিৰ জৰিয়তে মুকলি কৰি দিয়া হ’ব। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে অহা সপ্তাহত হোৱাইট হাউছত ট্ৰাম্পৰ সৈতে আলোচনাৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়তে এই ঘোষণা কৰা হৈছে।

উল্লেখ্য যে ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতিৰ আলোচনাত বাৰে বাৰে ব্যাঘাত জন্মিছিল। ইয়াৰ মূল কাৰণ হৈছে যুদ্ধৰ অন্ত পেলাব নে নাই সেই সম্পৰ্কে মতানৈক্য। ইজৰাইলৰ সৈন্য সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ আৰু গাজাত যুদ্ধৰ অন্ত পৰাৰ বিনিময়ত সকলো পণবন্দীক মুকলি কৰি দিবলৈ ইচ্ছুক বুলি হামাছে প্ৰকাশ কৰিছে। আনহাতে ইজৰাইলে এই প্ৰস্তাৱ নাকচ কৰি কয় যে হামাছে আত্মসমৰ্পণ, নিৰস্ত্ৰ কৰি নিৰ্বাসনলৈ গ’লেহে যুদ্ধৰ অন্ত পেলাবলৈ সন্মত হ’ব। কিন্তু ইজৰাইলৰ এই চৰ্ত মানি ল’বলৈ অস্বীকাৰ কৰিছে হামাছে।

News Next One
Author: News Next One

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0