ডিজিটেল ডেস্কঃ ইজৰাইল আৰু পেলেষ্টাইনৰ মাজৰ অহি-নকুল সম্পৰ্কক লৈ চিন্তিত হৈ পৰিছে চুবুৰীয়া ৰাষ্ট্ৰ ফ্ৰান্স, চুইডেন আৰু ইজিপ্ত৷ বিগত ভালেকইবছৰ ধৰি দেশ দুখনৰ মাজত চলা হিংসা-বিদ্বেষৰ ফলত ৰক্তাক্ত হৈ পৰা পৰিস্থিতি সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় কুটনীতিবিদসকলৰ আহ্বানমৰ্মে সোমবাৰে নিৰাপত্তা পৰিষদে বৈঠকৰ আয়োজন কৰিছে৷

ৰাষ্ট্ৰসংঘৰ চুইডেনৰ প্ৰতিনিধি কাৰ্ল স্কাউয়ে টুইটাৰযোগে এই বৈঠকৰ কথা সদৰী কৰিছে৷ উল্লেখ্য যে শুকুৰবাৰে তিনিজনকৈ ইজৰাইলী নাগৰিকক পেলেষ্টাইনত দুৰ্বৃত্তই হত্যা কৰাৰ পিছতে ইজৰাইলৰ অধীনস্থ ৱেষ্ট বেংকত সেনা পঠিয়ায় ইজৰাইলে৷ হত্যাকাৰীক বিচাৰি ঘৰে ঘৰে তালাচী চলায় সেনাই৷ 

এই ঘটনাৰ কেইঘণ্টামানৰ পূৰ্বে তিনিজন পেলেষ্টাইনী নাগৰিকক জেৰুজালেমৰ সমীপৱৰ্তী এলেকাত হত্যা কৰা হৈছিল৷ এনেদৰে ইটোৰ পিছত সিটো হিংসাত্মক ঘটনাই দুয়োখন দেশকে অস্থিৰ কৰি তোলাৰ পিছতে ৰাষ্ট্ৰসংঘই এই পদক্ষেপ ল’বলৈ আগবাঢ়ি আহিছে৷