ৰোমঃ চীনৰ পিছতে কৰ’না মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰা দেশখনেই হৈছে ইটালী। ইউৰোপ মহাদেশৰ দেশসমূহৰ ভিতৰত ইটালীতেই প্ৰথমে কৰ’নাই ধাৰণ কৰিছিল ভয়াৱহ ৰূপ। মহামাৰী কৰ’নাত দেশখনত ২ লাখ ৩৬ হাজাৰতকৈ অধিক লোক আক্ৰান্ত হোৱাৰ লগতে প্ৰাণ হেৰুৱাইছে অতি কমেও ৩৪ হাজাৰ লোকে।
কি কাৰণত ইটালীত কৰ’নাই এনে ভয়াৱহ ৰূপ ল’বলৈ পালে আৰু কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰে সঠিক ব্যৱস্থা কৰিছিল নে নাই সেয়া যাতে নাগৰিকসকলে জানিব পাৰে তাৰ বাবে শুকুৰবাৰে বিচাৰকে (prosecutors)ৰ প্ৰশ্নৰ সন্মুখীন হ’বলৈ বাধ্য হয় দেশখনৰ প্ৰধানমন্ত্ৰী জিউস্পি কণ্ট আৰু স্বাস্থ্যমন্ত্ৰী ৰবাৰ্ট’ স্পাৰেঞ্জা। প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰী তিনিওগৰাকী শীৰ্ষ নেতাক দেশখনৰ উত্তৰ প্ৰান্তৰ নগৰ বাৰ্গামোৰ আদালতৰ বিচাৰকে কেবাঘণ্টা ধৰি প্ৰশ্ন কৰে।