56
ব্লুমবাৰ্গঃ বিশ্বৰ আটাইতকৈ স্বাস্থ্যকৰ দেশ ইটালী৷ ব্লুমবাৰ্গৰ গোলকীয় স্বাস্থ্যৰ সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য৷ ইটালীৰ পিছত স্থান লাভ কৰা দেশসমুহ হৈছে আইলেণ্ড, ছুইজাৰলেণ্ড, ছিংগাপুৰ আৰু অষ্ট্ৰেলিয়া৷ তথ্য অনুসৰি ইটালীৰ লোকৰ গড় আয়ুস হৈছে ৮৯ বছৰ৷
সংস্থাটোৱে ১৬৩ খন দেশত এই সমীক্ষা চলাইছিল৷ আনহাতে আমেৰিকাৰ স্থান হৈছে ৩৪৷ কেইবছৰমান আগতেই অৰ্থনৈতিকভাৱে দেউলীয়া হোৱা ইটালীৰ নৱ প্ৰজন্মৰ ৪০% কৰ্মসংস্থাপনহীন৷