www.newsnextone.com।লিডু: তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী চকী অন্তৰ্গত তিনিসুঁতি গাঁৱৰ পৰা আজি আৰক্ষীয়ে মটৰ চাইকেল সহ এজন চুৰ আটক কৰে । জাগুন আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি মটৰ চাইকেল সহ চুৰ জনক আটক কৰিবলৈ সক্ষম হয় ।
উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰে জাগুন বজাৰৰ মাজ মজিয়াৰ পৰা ছাজেন প্ৰধান নামৰ ব্যক্তি জনৰ এখন AS 23 M 0937 নম্বৰৰ গ্লেমাৰ মটৰ চাইকেল হেৰাইছিল । লগে লগে মটৰ চাইকেলখনৰ গৰাকীয়ে জাগুন থানাত এখন এজাহাৰ দিয়ে সেই সময়ৰ পৰা জাগুণ আৰক্ষীয়ে অভিযান চলাই আজি লেখাপানীৰ থানাৰ অন্তৰ্গত তিনিসুঁতিত মটৰ চাইকেলসহ চুৰ জনক আটক কৰিবলৈ সক্ষম হয় । ধৃত ব্যক্তিজন লংটং গাঁৱৰ বিশাল মুৰা বুলি জানিব পৰা গৈছে । বৰ্তমান ধৃত ব্যক্তিজনক জাগুন আৰক্ষী চকীত জেৰাৰ অব্যাহত ৰাখিছে।