দৰংঃ ৰাজ্যত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত দলগাঁৱৰ দৈপামত ভোটাৰ সকলক সজাগ কৰাৰ উদ্দেশ্যে এখন ভোটাৰ সজাগতা সভা অনুষ্ঠিত কৰা হয়। দৰং জিলা মুছলিম ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত উক্ত সভাত বিভিন্ন ৰাজনৈতিক দলে সাধাৰণ ভোটাৰক পদে পদে প্ৰতাৰণা কৰা বুলি অভিযোগ কৰে ৰাজ্যিক সাধাৰণ সম্পাদক আশ্বিক ৰাব্বানিয়ে।
ইফালে, ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুক উদ্দেশ্য প্ৰণোদিতভাবে ‘ডি ভোটাৰ সজাই হাৰাশাস্তি কৰাৰ অভিযোগ কৰে সংগঠনটোৰ সভাপতি জালাল উদ্দিনে। তেওঁ কয় যে ৰাজ্য চৰকাৰে সীমান্ত আৰক্ষীক বিপথে পৰিচালিত কৰি যধে মধে ভোটাৰ তালিকাত ‘ডি লগাই প্ৰকৃত ভাৰতীয় লোকক নিৰ্যাতন কৰিছে। নামৰ আগত ‘ডি লগাই বাংলাদেশী সজাবলৈ কৰা ষড়যন্ত্ৰক প্ৰত্যাহ্বান জনাই তেওঁ কয়- তথ্যৰ আধাৰত অবৈধ নাগৰিকক চিনাক্ত ও বিতাৰিত কৰাৰ ক্ষেত্ৰত আমি সদায় সহযোগ কৰিছে আহিছো। কিন্তু চৰকাৰী যন্ত্ৰই সন্দেহৰ দৃষ্টিৰে একাংশ লোকক তথ্যহীনভাৱে ‘ডি লগাই ডিটেঞ্চন কেম্পত ভৰাই মানৱধিকাৰ খৰ্ব কৰিছে।