Home বিশ্বআচম্বিত বিশ্ববাসী! অগ্নিকুণ্ডত পৰিণত বিমানৰ পৰা জাপানে কিদৰে ৰক্ষা কৰিলে ৩৭৯ জনৰ প্ৰাণ?

আচম্বিত বিশ্ববাসী! অগ্নিকুণ্ডত পৰিণত বিমানৰ পৰা জাপানে কিদৰে ৰক্ষা কৰিলে ৩৭৯ জনৰ প্ৰাণ?

by News Desk
A+A-
Reset
plane-crash

হঠাৎ অগ্নিকুণ্ডলৈ পৰিণত হোৱা বিমানখনত সাধাৰণ অৱস্থাত যাত্ৰীসকলৰ মাজত হুৱা-দুৱা লাগিলহেঁতেন। নিজৰ প্ৰাণ আৰু সামগ্ৰী ৰক্ষাৰ বাবে যাত্ৰীসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হ’লহেঁতেন। কিন্তু জাপানত তেনে পৰিস্থিতি পৰিলক্ষিত নহ’ল। জাপান এয়াৰলাইন্সৰ যাত্ৰীবাহী বিমানখনত যেতিয়া জুইৰ সূত্ৰপাত হৈছিল, তেতিয়া যাত্ৰীসকলে অতি শান্তভাৱে বিমান ক্ৰুৱে দিয়া নিৰ্দেশনা মানি চলি এজন এজনকৈ ওলাই আহিছিল। যাত্ৰীসকলে তেওঁলোকৰ লাগেজবোৰ বিমানৰ ভিতৰতে এৰিছিল।

মঙলবাৰে জাপানৰ টকিঅ’ৰ হানেডা বিমান বন্দৰত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছিল। জাপান এয়াৰলাইন্সৰ ৫১৬ নং বিমানখন হানেডা বিমানবন্দৰত অৱতৰণ কৰাৰ ঠিক লগে লগে ৰানৱে’ত ৰখাই থোৱা এখন ক’ষ্ট গাৰ্ডৰ বিমানৰ সৈতে সংঘৰ্ষ ঘটে। আৰু তাৰ মাত্ৰ কিছু সময়ৰ ভিতৰতে এক অগ্নিকুণ্ডলৈ পৰিণত হয় ৫১৬ নং যাত্ৰীবাহী বিমানখন। সেই সময়ত বিমানখনত ক্ৰু মেম্বাৰসহ আছিল ৩৭৯ জন যাত্ৰী।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0