শিশুসকলৰ বাবে আহি আছে নেকি ভয়াৱহ দিন?

ডিজিটেল ডেস্ক,৮চেপ্টেম্বৰঃ বিগত প্ৰায় দুবছৰ শিশুসকল গৃহবন্দী হৈ থকাৰ পিছতো তেওলোকক লৈ শংকামুক্ত নহয় অভিভাৱক তথা চিকিৎসকসকল৷ কোভিডৰ তৃতীয় ঢৌৰ আশংকাত এতিয়ালৈ বিদ্যালয়সমূহ খোলা নাই যদিওঁ আন আন ৰোগতো আক্ৰান্ত হবলৈ ধৰিছে এই শিশুসকল৷যোৱাকালি মহানগৰীৰ নুনমাটিৰ ৩নং শালবাৰীত শিশু এটিৰ অকাল বিয়োগে চিন্তিত কৰি তুলিছে সকলোকে৷দুদিন ধৰি জ্বৰত ভূগি থকা ১০ বছৰীয়া ধৃতিস্মিতা দাস নামৰ শিশুটিক দেওবাৰে মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিওঁ স্বাস্থ্যৰ দ্ৰুত অৱনতিৰ বাবে চিকিৎসকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউ কক্ষত যুজি যুজি হাৰ মানিলে কণমানি ধৃতিস্মিতাই৷ৰবিবাৰে ৰাতি শিশুটিৰ মৃত্যু হয়৷চিকিৎসকে জাপানীজ এনকেফ্লাইটিছত শিশুটি আক্ৰান্ত বুলি সন্দেহ প্ৰকাশ কৰে৷

ধৃতিস্মিতা দাস ৩নং শালবাৰীস্থিত অসম বিদ্যামন্দিৰৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী আছিল৷তেওঁ শালবাৰী নিৱাসী দীপক দাস আৰু প্ৰীতি দাসৰ দ্বিতীয় কন্যা সন্তান৷অচিন ৰোগত সন্তানক হেৰুৱাই ম্ৰিয়মাণ পৰিয়ালৰ সকলো৷