ডিজিটেল ডেস্কঃ তামিলনাডুৰ জনতা হ’ব আম্মাৰ সম্পত্তিৰ অধিকাৰী৷ প্ৰায় ১৪ বছৰ কাল তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ আসনত বহা প্ৰতিপত্তিশালী মুখ্যমন্ত্ৰী জয়ললিতাৰ বিশাল সম্পত্তি গণ্য হ’ব ৰাজ্যৰ সম্পত্তি হিচাপে৷ এছ ভাস্কৰণ নামৰ এজন লোকে প্ৰকাশ কৰিছে এই কথা৷
তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে লোকজনে পোহৰলৈ আনিছে এই তথ্য৷ জানিব পৰা মতে, জয়ললিতাৰ সম্পত্তিৰ কোনো সম্পত্তিনামা আৰু তেজৰ কোনো সম্পৰ্কীয় ব্যক্তি নোহোৱাৰ বাবেই আম্মাৰ সকলো সম্পত্তি ৰাজ্যৰ সম্পত্তি হিচাবে গণ্য কৰা হ’ব৷