ডিজিটেল ডেস্কঃ তামিলনাডুৰ জনতা হ’ব আম্মাৰ সম্পত্তিৰ অধিকাৰী৷ প্ৰায় ১৪ বছৰ কাল তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ আসনত বহা প্ৰতিপত্তিশালী মুখ্যমন্ত্ৰী জয়ললিতাৰ বিশাল সম্পত্তি গণ্য হ’ব ৰাজ্যৰ সম্পত্তি হিচাপে৷ এছ ভাস্কৰণ নামৰ এজন লোকে প্ৰকাশ কৰিছে এই কথা৷

তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে লোকজনে পোহৰলৈ আনিছে এই তথ্য৷ জানিব পৰা মতে, জয়ললিতাৰ সম্পত্তিৰ কোনো সম্পত্তিনামা আৰু তেজৰ কোনো সম্পৰ্কীয় ব্যক্তি নোহোৱাৰ বাবেই আম্মাৰ সকলো সম্পত্তি ৰাজ্যৰ সম্পত্তি হিচাবে গণ্য কৰা হ’ব৷

চলিত বৰ্ষৰ জানুৱাৰীত কৰ্মীজনে জয়ললিতাৰ সম্পত্তিৰ তথ্য প্ৰকাশৰ বাবে তথ্য জনা অধিকাৰৰ আইনেৰে তামিলনাডু চৰকাৰৰ ওচৰত আবেদন জনাইছিল ভাস্কৰণে৷ আনহাতে মৃত্যুৰ পিছতো সম্পত্তিৰ ক্ষেত্ৰত বিতৰ্কই লগ এৰা নাই আম্মাক৷ এনে বিতৰ্কৰ মাজতে যোৱা মাৰ্চ মাহত এগৰাকী ব্যাক্তিয়ে নিজকে জয়ললিতাৰ পুত্ৰ বুলি দাবী কৰিছিল৷

ইফালে জয়ললিতাৰ মৃত্যুৰ পিছত দুটা ভাগত বিভক্ত হৈ পৰে এআইডিএমকে দলটো। দলটোৰ এফালে পন্নীৰচেলভাম, আনফালে শশীকলা। আনুগত্য অনুসৰি দলৰ নেতা-মন্ত্ৰী, সমৰ্থক সকলো এতিয়া দুটা ফৈদত বিভক্ত।

এনে ধৰণৰ একাধিক খামখেয়ালি চলি থকাৰ মাজতে তামিলনাডুৰ ৰাজনৈতিক ক্ষেত্ৰখনত দশকজুৰি বিৰাজমান জয়ললিতাৰ ডেৰশ কোটিৰো অধিক টকাৰ স্থাৱৰ সম্পত্তিবোৰ কেনেদৰে ভাগ হ’ব, সেই লৈ ইতিমধ্যে সৃষ্টি হয় আন এক বিতৰ্কৰ৷ এনে এক সময়তে আৰ টি আই কৰ্মীজনৰ এই তথ্যই ৰাজ্যখনৰ ৰাজনীতিক এক নতুন দিশ দিব বুলি অনুমান কৰিছে বিশ্লেষকসকলে।