Home ৰাজ্যমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পত্নীয়ে পালে ৫০ লাখৰ ৰাজসাহায্য! সংবাদমেলত দাবী অশোক শৰ্মাৰ

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পত্নীয়ে পালে ৫০ লাখৰ ৰাজসাহায্য! সংবাদমেলত দাবী অশোক শৰ্মাৰ

by Dhrubajyoti Dhanantari
A+A-
Reset

গুৱাহাটীঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ পদাংক অনুসৰণ কৰাৰ প্ৰতিযোগিতাত এইবাৰ স্থান লাভ কৰিছে কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাই। একমাত্ৰ মন্ত্ৰী পত্নী হোৱাৰ সুবাদতে ৰঙিয়াত গো-পালন কৰা ফাৰ্মৰ নামত ৫০ লাখ টকাৰ ৰাজসাহায্য লাভ কৰিছে জুলি ডেকা বৰুৱাই। মন্ত্ৰী পত্নীগৰাকীক এই ৰাজসাহায্য প্ৰদান কৰিবলৈ চৰকাৰী নীতি-নিয়ম পৰ্যন্ত সলনি কৰি দিয়া হৈছে।

আজি এক সংবাদমেলত এই গুৰুতৰ অভিযোগ উত্থাপন কৰে নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক জ্যেষ্ঠ কংগ্ৰেছ নেতা অশোক শৰ্মা আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ সাধাৰণ সম্পাদক ৰূপক দাসে। এই সংবাদমেলত অশোক শৰ্মাই আজি কয় যে প্ৰকৃত গোপালকসকলক বঞ্চিত কৰি মন্ত্ৰী পত্নীয়ে নিজেই হিতাধিকাৰী হৈছে আৰু ইয়াৰ বাবে সকলোধৰণৰ নীতি-নিয়ম উলংঘা কৰা হৈছে। নীতি-নিয়ম উলংঘা কৰা নথি-পত্ৰও সংবাদমেলত ৰাজহুৱা কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে।

”মন্ত্ৰীৰ পত্নীগৰাকীয়ে এই ব্যৱসায়টো নকৰিলেও চলে। কিন্তু তেওঁ এই ব্যৱসায় কৰা দেখুৱাই ৫০ লাখ টকাৰ ছাবছিডি লৈছে। গাখীৰৰ ব্যৱসায় বা শ্বেত বিপ্লৱ বজালীৰ পৰাই আৰম্ভ হৈছে। এই বিপ্লৱ নলবাৰীতো শিপাইছে। গতিকে যিসকলে প্ৰকৃতাৰ্থত এই ব্যৱসায় কৰি আহিছে তেওঁলোকে ৰাজসাহায্য পালে চৰকাৰৰ পদক্ষেপৰ সকলোৱে শলাগ ল’লেহেতেন।’’—এইদৰে কয় প্ৰাক্তন বিধায়কগৰাকীয়ে।

তেওঁ আৰু কয় যে পূৰ্বতে এইধৰণৰ ৰাজসাহায্য ৰাজনৈতিক ব্যক্তিয়ে পোৱাৰ ব্যৱস্থা নাছিল। সেয়ে নিয়মাৱলীৰ ২ আৰু ৩ নম্বৰ নিয়মকেইটা প্ৰত্যাহাৰ কৰি নিজৰ সুবিধামতে নিয়ম কৰি লৈছে। নিজে গঢ়ি লোৱা এই নতুন নিয়মত মন্ত্ৰীৰ পত্নীয়েও ৰাজসাহায্য পাব পৰাৰ ব্যৱস্থা কৰি লোৱা কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰে প্ৰাক্তন বিধায়ক তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা অশোক শৰ্মাই।

সংবাদমেলত নলবাৰীৰ প্ৰাক্তন বিধায়কগৰাকীয়ে এই সন্দৰ্ভত সাংবাদিকসকলক অধিক তথ্যৰ সন্ধান কৰি তথ্যভিত্তিক বাতৰি পৰিৱেশন কৰিবলৈকো আহ্বান জনায়। সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ সাধাৰণ সম্পাদক ৰূপক দাসে কয়, ”দুগ্ধ উন্নয়ন নিগমৰ সঞ্চালকে নিবিদা আহ্বান কৰিছিল। এই নিবিদাৰ আগতে নিয়ম আছিল যে ৰাজনৈতিক ব্যক্তিয়ে ৰাজসাহায্যৰ সুবিধা ল’ব নোৱাৰে। কিন্তু তেওঁলোকে ২, ৩ আৰু নম্বৰ নিয়ম ডিলিট কৰি ৰাজনৈতিক ব্যক্তিয়েও ৰাজসাহায্য পোৱাৰ ব্যৱস্থা কৰি লৈছে। এই তালিকাৰ ১৩ নম্বৰত এতিয়া নাম আছে জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাৰ নাম। ডেকা বৰুৱাই ৫০ লাখ টকাৰ ৰাজসাহায্য লাভ কৰিছে।’’

তেওঁ আৰু কয় যে ৰাজসাহায্য লাভ কৰা ১৫ জনীয়া তালিকাখনত থকা ১০ টা নাম হৈছে দুগ্ধ উৎপাদনৰ সৈতে জড়িত ফাৰ্ম। বিপৰীতে বাকী ৫টা স্থানত আছে ব্যক্তি বিশেষৰ নাম। এই ব্যক্তি বিশেষৰ নাম থকাসকল কেতিয়াৰে পৰা দুগ্ধ পালনৰ সৈতে জড়িত হৈ আছে সেই সম্পৰ্কে ক’তো উল্লেখ নাই।

”এই ৰাজসাহায্য পাবলৈ ন্যুনতম ৩ বছৰৰ ৰিটাৰ্ণ থকা আৰু ৫০ লাখৰ টাৰ্ণ অভাৰ হোৱাৰ কথা নিয়মাৱলীত উল্লেখ আছে। কিন্তু আমাৰ হাতত পৰা তথ্য মতে মন্ত্ৰী পত্নীৰ ফাৰ্মখনত গিৰ গাই আহিছে দুবছৰ আগতে। গতিকে এয়াই যদি হৈছে তেন্তে স্পষ্ট হৈ পৰিছে মন্ত্ৰী পত্নী হোৱাৰ সুবাদতে জুলী ডেকা বৰুৱাই ৰাজসাহায্য লাভ কৰিছে আৰু অসমৰ প্ৰকৃত নিবনুৱা যুৱক-যুৱতীসকল, উদ্যমী যুৱক-যুৱতীসকল ৰাজসাহায্য লাভৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে।’’’—মন্ত্ৰী পত্নীক এনেদৰে নিয়ম সলাই ৰাজসাহায্য দিয়া কাৰ্যক গৰিহণা জনাই এইদৰে কয় ৰূপক দাসে।

সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মিডিয়া বিভাগৰ সাধাৰণ সম্পাদক ৰূপক দাসে কয় যে মন্ত্ৰী পত্নীক ৰাজসাহায্য দি চৰকাৰে যদি মহিলা সবলীকৰণৰ কৰা হৈছে বুলি কয় তেন্তে তাতকৈ হাস্যকৰ কথা আৰু একো হ’ব নোৱাৰে।

এই সন্দৰ্ভত ৰূপক দাসে কয়, ”সবলীকৰণ শব্দৰ অৰ্থই হৈছে যি দুৰ্বল তেওঁক সবল কৰা। কিন্তু সবলকেই যদি আপুনি দি থাকে, পেট ভৰাই খোৱা মানুহ এজনক যদি আৰু এসাজ খাবলৈ দিয়ে তেন্তে সেয়া ভোকাতুৰক খাবলৈ দিয়া হৈ নাথাকে। কংগ্ৰেছে মহিলা সবলীকৰণৰ হৈ সদায়েই মাত মাতি আহিছে। কিন্তু নোদোকা মানুহক আৰু নোদোকা কৰি তোলা কাৰ্যৰ আমি বিৰোধিতা কৰি যাম।’’ উল্লেখ্য যে, আজিৰ এই সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ ছ’চিয়েল মিডিয়া বিভাগৰ নব-নিযুক্ত অধ্যক্ষ প্ৰফুল্ল কুমাৰ দাসো উপস্থিত আছিল।

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0