newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ নিৰ্বাচনী ফলাফল প্ৰকাশ হোৱাৰ পিছতে ৰাজ্যত নতুন চৰকাৰ গঠনক লৈ মত-দ্বিমত চলা পৰিলক্ষিত হৈছে৷ ১০৪ খন আসন লাভেৰে বিজেপিয়ে বৃহৎ দল হিচাপে পৰিগণিত হোৱাৰ বিপৰীতে কংগ্ৰেছ আৰু জনতা দল চেকুলাৰে এক হৈ চৰকাৰ গঠনৰ বাবে আলোচনাত মিলিত হৈছে৷ 

মঙলবাৰে প্ৰকাশ হোৱা কৰ্ণাটকৰ নিৰ্বাচনী ফলাফল ঘোষণাত কংগ্ৰেছে ৭৭ খন আৰু জনতা দলে ৩৮ খন আসন দখল কৰিবলৈ সক্ষম হৈছে৷ ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে ১১২ খন আসন কোনোটো দলকে প্ৰাপ্ত নহোৱাত চৰকাৰ গঠনকাৰী দল নিৰ্বাচনৰ দায়িত্ব আহি পৰিছে ৰাজ্যপাল বাজুভাই বালাৰ ওপৰত৷ 

জনতা দল চেকুলাৰৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কুমাৰস্বামীয়ে কংগ্ৰেছৰ সৈতে লগ লাগি চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰিছে৷ সেই উপলক্ষে কুমাৰস্বামীয়ে ৰাজ্যপালৰ পৰা সাক্ষাতৰ বাবে সময় বিচাৰি এক পত্ৰ প্ৰেৰণ কৰে৷ তেওঁ পত্ৰত কংগ্ৰেছক সমৰ্থন আগবঢ়োৱাৰ বিষয়েও উল্লেখ কৰে৷ 

উল্লেখ্য যে, যদি কংগ্ৰেছ-জনতা দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়, তেন্তে ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী হ’ব কুমাৰ স্বামী৷ আনহাতে ৰাজ্যপাল আৰু নৰেন্দ্ৰ মোডী একেখন গৃহ জিলাৰ আৰু দলৰ নেতা হোৱা হেতুকে দুয়োৰে মাজত এক সু-সম্পৰ্ক আছে৷ এই সু-সম্পৰ্কৰ বাবে ৰাজ্যপালে বিজেপিক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ কৰিব নেকি বুলি বহুতৰে মনত প্ৰশ্নৰ উদয় হৈছে৷

জনতা দলৰ নেতা কুমাৰ স্বামীয়ে ৰাজ্যপালৰ সাক্ষাতৰ বাবে ৰাজভৱনলৈ যাত্ৰা আৰম্ভ কৰিছে৷ আৰু কিছু সময় পিছতে কংগ্ৰেছ আৰু জনতা দলৰ চেকুলাৰৰ হৈ কুমাৰ স্বামীয়ে ৰাজ্যপালৰ ওচৰত চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰিব৷