Home দেশধনবাদৰ কেশৰগড়ত অবৈধ কয়লা খনি ভাঙি ৯ জন শ্ৰমিকৰ মৃত্যু

ধনবাদৰ কেশৰগড়ত অবৈধ কয়লা খনি ভাঙি ৯ জন শ্ৰমিকৰ মৃত্যু

by News Next One
A+A-
Reset

ধনবাদঃ ঝাৰখণ্ডৰ ধনবাদৰ বাঘমাৰা থানা এলেকাৰ অন্তৰ্গত কেশৰগড়ত অবৈধ কয়লা খনিৰ ছাদ ভাঙি কমেও ৯ জন শ্ৰমিকৰ মৃত্যু হয়। মঙলবাৰে নিশা এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। প্ৰত্যক্ষদৰ্শী আৰু স্থানীয় সূত্ৰৰ মতে খনিটোত অবৈধ কয়লা খননৰ সময়ত হঠাতে ছাদ ভাঙি বহু শ্ৰমিক মাটিৰ তলত আবদ্ধ হৈ পৰে। আশংকা কৰা হৈছে যে ধ্বংসাৱশেষৰ তলত অধিক শ্ৰমিক আবদ্ধ হৈ পৰিছে, যাৰ ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে।

দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে প্ৰশাসন আৰু উদ্ধাৰকাৰী দলে দ্ৰুতগতিত সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। গোটেই নিশা ধ্বংসাৱশেষ আঁতৰাই আৱদ্ধ শ্ৰমিকক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে। স্থানীয় লোকৰ লগতে বিষয়াসকলেও উদ্ধাৰ অভিযানত যোগদান কৰে।

প্ৰশাসনে বৰ্তমানলৈ মৃত্যু হোৱা লোকৰ সঠিক সংখ্যা ঘোষণা কৰা নাই যদিও এই ঘটনাক লৈ সমগ্ৰ অঞ্চলজুৰি উদ্বেগ আৰু আতংক বিয়পি পৰিছে।

দৰাচলতে বাঘমাৰা আৰু ইয়াৰ আশে-পাশে থকা ধনবাদ অঞ্চলত দীৰ্ঘদিন ধৰি বৃহৎ পৰিসৰৰ অবৈধ কয়লা খনন চলি আহিছে। এই অঞ্চলত এনে দুৰ্ঘটনা নতুন নহয়, প্ৰশাসনে বহুবাৰ চেষ্টা কৰাৰ পিছতো এই অবৈধ খনন বন্ধ হোৱা নাই। ইতিমধ্যে ৰাজ্যৰ উচ্চপদস্থ বিষয়াক এই ঘটনাৰ খবৰ দিয়া হৈছে।

বিধায়ক ছাৰ্যু ৰায়ে কয় যে খনন দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় আৰক্ষী প্ৰশাসনৰ সৈতে যোগাযোগ কৰি অবৈধ খনন ৰোধৰ বাবে প্ৰশাসনক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ আৰু উদ্বেগ প্ৰকাশ কৰে যে মাফিয়াই নিশাৰ আন্ধাৰত মৃতদেহ আঁতৰোৱাৰো চেষ্টা চলাইছে।

News Next One
Author: News Next One

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0