newsnextone.com | যোৰহাটঃ অসমৰ সংগ্ৰামৰ ইতিহাসত এক নজিৰ সৃষ্টি কৰিলে যোৰহাটবাসীয়ে৷ ৰাজ্যত প্ৰতিদিনে দল-সংগঠনৰ সহযোগত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও শনিবাৰে যোৰহাটৰ ৰাজ পথত শক্তি দেখুৱাই আন এক নজিৰ সৃষ্টি কৰিলে৷ পুৱাৰে পৰা মানুহৰ লানি নিছিগা সোঁত বৈছিল যোৰহাট ষ্টেডিয়ামলৈ৷ সেয়া শ্ৰমিক, সচেতন নাগৰিক, মহিলা, ছাত্ৰ সমাজ, ব্যৱসায়ী সকলোৱে ঘৰৰ পৰা ওলাই আহিছিল৷ ৰাজপথ ভৰি পৰিছিল৷ 

এক প্ৰকাৰ কবলৈ গলে যোহৰাট জিলাবাসীয়ে গৰজি উঠিল অসম ৰক্ষা কৰাৰ সংকল্পৰে৷ অসমীয়াৰ শক্তি প্ৰদৰ্শন কৰি যোৰহাটৰ অসমীয়াই ওলাই আহিল ৰাজপথলৈ৷ ৰাজপথ কঁপাই তুলি হাজাৰ হাজাৰ লোকে একেলগে শ্ল’গান দিলে অসমক ৰক্ষা কৰাৰ বাবে৷ 

শনিবাৰে যোৰহাট টাউনত অনুষ্ঠিত হৈছিল কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত বৃহৎ সমদল আৰু গণ সমাবেশ৷ বিভিন্ন জাতীয় সংগঠনৰ নেতৃত্বত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যোৰহাটত শনিবাৰে ওলাই আহিল হাজাৰ হাজাৰ লোক৷ ৰাজ পথত বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হয়৷

কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত কৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত চুবুৰীয়া দেশত আতিশয্যাৰ বলি হোৱা লোকক দেশলৈ আনিব বিচৰা কাৰ্যক তীব্ৰ বিৰোধিতা কৰে যোৰহাটবাসীয়ে৷

শনিবাৰে পুৱাই জিলা খনৰ বিভিন্ন দল সংগঠন, স্বেচ্ছাসেৱী অনুষ্ঠানৰ উদ্যোগত কেইবা হাজাৰ লোকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহে৷ ইতিহাস সৃষ্টি কৰি বিশাল সমদল উলিয়াই কঁপাই তোলে যোৰহাটৰ আকাশ বতাহ৷

কেইবাশতাধিক পুৰুষ-মহিলাই চৰকাৰ বিৰোধী শ্ল’গান দি ক্ষোভ ব্যক্ত কৰে৷ প্ৰেছ ক্লাব, যুৱ-ছাত্ৰ পৰিষদ, অাটাছু, চুতীয়া ছাত্ৰ সন্থা, মটক যুৱ-ছাত্ৰ সন্মিলন, কলিতা জনগোষ্ঠী যুৱ-ছাত্ৰ পৰিষদ, সাহিত্য সভা, অাটছা আদি সংগঠনে অংশ গ্ৰহণ কৰে৷

হিন্দু, পাৰ্চী, খ্ৰীষ্টান, বৌদ্ধ, শিখ অাৰু জৈন ধৰ্মৰ লোকক নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰিছে। কিন্তু এয়া মাত্ৰ অজুহাতহে, অাচল উদ্দেশ্য হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰা বুলি কৈ ক্ষোভ প্ৰকাশ কৰে সমদলত অংশগ্ৰহণ কৰা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দই।

কৃষক নেতা অখিল গগৈ, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতা পলাশ চাংমাই ভাষণ প্ৰদান কৰি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি৷ ৰাইজক লগত লৈ সংগ্ৰাম কৰি যোৱাৰ সংকল্প লয়৷ 

পলাল চাংমাই ৰাইজক প্ৰশ্ন কৰি কয় যে আপোনালোকে অসমৰ মানুহ অসমতে সংখ্যালঘু হোৱাতো বিচাৰে নেকি৷ আমি নিবিচাৰো৷ নিবিচাৰো বাবেই প্ৰখৰ ৰদকো নেওচি আমি ওলাই আহিছো৷ বিজেপিৰ সভাত এতিয়া পইচা দি মানুহ আনিব লগা হৈছে৷ কৃষক মুক্তিক প্ৰত্যাহ্বান জনাবলৈ ভাড়া কৰি মানুহ আনিছিল বিজেপিয়ে৷