newsnextone.com ।। মৰিয়নীঃ মৰিয়নীৰ দেবেৰাপাৰা আৰক্ষী চকীৰ আই.চি. পূৰ্ণ জ্যোতি কলিতাক শাস্তিমূলক বদলি হিচাবে টীয়ক আৰক্ষী চকীলৈ স্থানান্তৰ কৰা হৈছে। কৰ্তব্য পালনত পক্ষপাতিত্ব লোৱা আৰু কৰ্তব্যত গাফিলতি কৰাৰ বাবে যোৰহাট জিলা আৰক্ষী অধীক্ষকৰ নিৰ্দেশত তৎকালীন ভাবে বলবৎ হোৱাকৈ শাস্তি মূলক বদলি কৰা বুলি জানিব পৰা গৈছে।

বিগত কেইটা মান দিন ধৰি দেবেৰাপাৰ আৰক্ষী চকীয়ে প্ৰায়ে সংবাদ শিৰোনামা দখল কৰি আহিছিল ৷ বৰ্তমান দেৱেৰাপাৰ আৰক্ষী চকীত চেলেংহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বেদান্ত বিকাশ বৰুৱাক দুয়োখন আৰক্ষী চকীৰে অনানুষ্ঠানিক ভাবে  দ্বায়িত্ব দিয়া হৈছে ।