যোৰহাটঃ শুকুৰবাৰে বিয়লি ৩.৩০ বজাত লাহদৈগড় আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি লাহদৈগড় ৰেচম বৰ্ডৰ অফিচৰ সন্মুখৰ পথেৰে ছাত্ৰ-ছাত্ৰী ভৰ্তি AS 03 H 1051 নম্বৰৰ মাৰুতি ভান গৈ থকা অৱস্থাত আৰক্ষীয়ে তালাচী চলাই ভানখনৰ ভিতৰত বিলাতী সুৰাৰ ওটা কাৰ্টুন জব্দ কৰে।

উল্লেখ্য যে মনোময় বাগিচাৰ গোবিন তাচা নামৰ ভানখনৰ মালিকে এনেদৰে স্কুলৰ ছাত্ৰ-ছাত্ৰী কঢ়িওৱা ভানতে অবৈধভাৱে বিলাতী সুৰাৰ সৰবৰাহ কৰি থকা কাৰ্যক স্থানীয় সচেতন মহলে ধিক্কাৰ দিছে।