যোৰহাটঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আজি ঘোষিত ফলাফলত শীৰ্ষৰ দহটা স্থানত নাম অন্তৰ্ভূক্ত কৰিবলৈ সমৰ্থ হয় যোৰহাটৰ তিনি শিক্ষাৰ্থীয়ে। এই তিনি কৃতী শিক্ষাৰ্থী হৈছে বাঘচোং ডনবক্সৰ অংশুমান দত্ত, প্ৰিয়াংকী শইকীয়া আৰু ৰূপচিতা গগৈ।
বিদ্যালয়খনৰ ছাত্ৰ অংশুমান দত্তই লাভ কৰে নৱম স্থান। আনহাতে প্ৰিয়াংকী শইকীয়া আৰু ৰূপচিতা গগৈয়ে লাভ কৰে দশম স্থান। অংশুমানে ঐচ্ছিক গণিত, ৰূপচিতাই ইংৰাজী আৰু প্ৰিয়াংকীয়ে ইংৰাজী বিষয়ত ১০০ৰ ভিতৰত ১০০ নম্বৰ লাভ কৰে।
নৱম স্থানপ্ৰাপ্ত অংশুমানে অসমীয়াত ৯৩, ইংৰাজীত ৯৯, গণিতত ৯৬ সাধৰণ বিজ্ঞানত ৯৬ আৰু সমাজ বিজ্ঞানত ৯৭ নম্বৰৰে সৰ্বমুঠ ৫৮১ নম্বৰ লাভ কৰে। যোৰহাটৰ ন-আলি বলীয়া গোহাঁই পুখুৰীৰ সমীপৰ ভবেশ দত্ত আৰু ৰেখা দত্তৰ সন্তান অংশুমানে ভবিষ্যতে এগৰাকী অভিযন্তা হোৱাৰ লক্ষ্যেৰে সাই বিকাশ ইনষ্টিটিউটত বিজ্ঞান শাখাত নামভৰ্তি কৰিব বুলি জানিবলৈ দিয়ে।
প্ৰথম অৱস্থাত দৈনিক ৩-৪ ঘন্টা অধ্যয়ন কৰা অংশুমানে তেওঁৰ সফলতাৰ আৰত পিতৃ-মাতৃ বুলি প্ৰকাশ কৰে আৰু পৰীক্ষাৰ সময়ত ১০-১২ ঘন্টাকৈ পঢ়ে বুলি কয়।
যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক তপন কুমাৰ গগৈ আৰু শিক্ষয়িত্ৰী স্মৃতি বৰুৱা গগৈৰ কন্যা দশম স্থান প্ৰাপ্ত ৰূপচিতাই সৰ্বমুঠ ৫৮১ নম্বৰ লাভ কৰে। দৈনিক ৭-৮ ঘণ্টাকৈ অধ্যয়ন কৰা ছাত্ৰীগৰাকীৰ ভৱিষ্যতে চিকিত্সক হোৱাৰ মন। যোৰহাটৰ প্ৰজ্ঞা একাডেমীত নামভৰ্তি কৰিবলৈ পৰিকল্পনা কৰিছে বুলি জানিবলৈ দিয়ে ছাত্ৰীগৰাকীয়ে।
আনহাতে শিক্ষাৰ লগতে ক্ৰীড়াক্ষেত্ৰতো নৈপুণ্য দেখুওৱা টাইকোৱানড' খেলুৱৈ প্ৰিয়ংকাই ভৱিষ্যতে অধ্যাপিকা হোৱাৰ লক্ষ্যৰে বিজ্ঞান শাখাত নামভৰ্তি কৰিব বুলি জনায়। যোৰহাট মালৌআলি নিবাসী ডাঃ বসন্ত কুমাৰ শইকীয়া আৰু ৰূপামণি বৰাৰ কন্যা প্ৰিয়ংকাই অসমীয়াত ৯৩, গণিতত ৯৯, বিজ্ঞানত ৯৪, সমাজ বিজ্ঞানত ৯৬ আৰু ঐচ্ছিক গণিতত ৯৮ নম্বৰ লাভ কৰে।
এই তিনি কৃতী শিক্ষাৰ্থীৰ উপৰিও সামগ্ৰিকভাৱে যোৰহাটৰ কেবাখনো বিদ্যালয়ে উন্নত প্ৰদৰ্শন দাঙি ধৰিবলৈ সমৰ্থ হয়। জোনাকী সংঘ বিদ্যালয়ৰ পৰা অৱতীৰ্ণ ৪৬গৰাকী শিক্ষাৰ্থীৰ আটাইকেইজনে লাভ কৰে প্ৰথম বিভাগ। একেদৰে যোৰহাট চৰকাৰী বহুমুখী বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হোৱা ১৪২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১১৪ গৰাকীয়ে উত্তীৰ্ণ হয়।
এইবাৰ জিলাখনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা সৰ্বমুঠ ১৩,৮১৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ৭৮৯৫ গৰাকীয়ে হাইস্কুলৰ ডেওনা পাৰ হ'বলৈ সমৰ্থ হয়। ইয়াৰে ৩০৭৩ গৰাকীয়ে প্ৰথম, ৩৩১৮ গৰাকীয়ে দ্বিতীয় আৰু ১৫০৪ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। উত্তীৰ্ণৰ হাৰ ৫৭.১৬ শতাংশ।