newsnextone.com ।। দিচাংমুখঃ   "অসমৰ প্রথম বাতৰি কাকত অৰুণোদয় জন্মস্হান শিৱসাগৰ সঁচা কিন্তু প্রকৃত অৰ্থত সেই সঁচা নিৰ্ভীক নিৰপেক্ষ স্পষ্ট বাদী বাতৰি শিৱসাগৰৰ পৰা প্রকাশ পাইছেনে? সেয়া ৰাইজলৈ আগবঢ়ালো..."

'দৈনিক অসম' কাকতত যোৱা ২৩ আগষ্টত প্রকাশিত 'শিৱসাগৰত ৱেব মিডিয়াৰ সন্ত্রাস' শীৰ্ষক শিৰোনামাৰে প্রকাশিত বাতৰি সন্দৰ্ভত লিখা ব্যক্তি জনে নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্টা কৰাটো অতি পৰিতাপৰ কথা কিয়নো নিজৰ ভাত-পানী মৰাৰ স্বাৰ্থত এনে বাতৰি পৰিবেশন এজন সঁচা অৰ্থত সাংবাদিকে কেতিয়াও নকৰে । এইখিনিতে আমাৰ তেখেতলৈ এটা প্রশ্ন যে কোনোবা এজন দুজনে যদি দোষ কৰিছে তেওঁলোকৰ তথ্য আৰু নাম সহকাৰে প্রকাশ কৰাৰ পৰা কিয় বিৰত আছে? নে তাতো কাৰোবাক ব্লেক মেইলিং কৰি পুনৰ টকা ঘটাৰ পৰিকল্পনা কৰিছে নেকি ? যদি নাই কৰা স্পষ্ট কৰক নাম আৰু সম্পূৰ্ণ তথ্য ।

চৰকাৰে ডিজিটেল ইণ্ডিয়া ঘোষণা কৰাৰ পাছত দেশ বহুতো আগুৱাই যোৱা দেখা পোৱা গৈছে । তাৰ মাজত সংবাদ মাধ্যমৰ  বহুত গণ্য-মান্য ব্যক্তিয়ে ডিজিটেল ইণ্ডিয়াৰ সপোন পূৰণ কৰাৰ বাবে চেষ্টা কৰি ৱেব মিডিয়াক গঢ়ি তুলিছে । এনে অৰ্থত ভুৱা, দালাল আৰু অন্যান্য বহুতো মন্তব্য কৰাটো অতি পৰিতাপৰ কথা ।  এখন বাতৰি কাকতৰ যোগেদি আৰু সচেতন নাগৰিকে কোৱা কথা এখন প্রতিস্হিত সংবাদ পত্রত কোৱাতো অতি নিৰ্লজ্জ কথা । 

'দৈনিক অসম' নামৰ বাতৰি কাকতত যোৱা ২৩ আগষ্ট প্ৰকাশ কৰিলে ৱেব মিডিয়াত কাম কৰা আৰু বাতৰি সংগ্ৰহ কৰা ব্যক্তি সকল ভুৱা । এই অৰ্থই কি সূচায় । এতিয়া ভুৱা কোন যিজনে এনে বাতৰি প্রকাশেৰে সংবাদ জগতত কালিমা সানিব বিচাৰিছে, ৱেব মিডিয়াৰ বাতৰি সংগ্ৰহ কৰা ব্যক্তি সকল সৎ আৰু আদৰ্শৱান নহয় বুলি কাকত খনত কাম কৰা শিৱসাগৰৰ সাংবাদিক জনে বুজাবলৈ চেষ্টা কৰিছে আগৰ অংক বাদ দি এতিয়া ৱেব মেডিয়াৰ সাংবাদিককো ব্লেক মেইলিং কৰিব বিচাৰিছে নেকি সাংবাদিক জনে ? 

কোনো ধৰণৰ চৰকাৰী-বেচৰকাৰী সংবাদ মেল পৰা ৱেব মিডিয়াৰ সাংবাদিকক  বহিস্কাৰ কৰিব লাগে বুলি তেওঁ কাকত খনত প্রকাশ কৰিছে, এই কথাৰে আচলতে সাংবাদিকজনে কি বুজাব বিচাৰিছে। আচলতে অসমৰ প্রথম সংবাদ পত্র অৰুণোদয়ৰ তেখেত জন্মদাতা আছিল নেকি ?

শিৱসাগৰৰ  ৱেব মিডিয়াক অপমান কৰি তেওঁ নিজকে ধোৱা তুলসীৰ পাত সজাই কি বুজাব বিচাৰিছে আচলতে শিৱসাগৰৰ ৱেব মেডিয়াৰ সাংবাদিক সকলে তেওঁলোকক দেউতাকৰ সম্পতি দখল কৰিছে নেকি ?

দৈনিক অসম বাতৰি কাকত খনৰ শিৱসাগৰৰ সাংবাদিক জনক সকীয়াই দিয়া হ'ল যাতে এনে ধৰণৰ বাতৰি পৰিবেশন কৰি পুনৰ ঐতিহাসিক শিৱসাগৰৰ নামত কালিমা সনাৰ পৰা বিৰত থাকিবলৈ ।

একাংশ সাংবাদিকক ছিণ্ডিকেট চক্ৰত জড়িত আছে বুলি অভিযোগ উত্থাপিত কৰিছে ,কোন আছে সোনকালে নাম সহ প্রকাশ কৰিবলৈ কোৱা হ'ল । অন্যথা আপুনি ধনৰ অংক কৰিলে বুলি ভাবিবলৈ বাধ্য হ'ম। ইয়াৰ বাবে শিৱসাগৰৰ ৱেব মিডিয়া জগৰীয়া নহ'ব ।