ডিজিটেল ডেস্কঃ জেষ্ঠ সাংবাদিক তথা সমাজকৰ্মী গৌৰী লংকেশৰ হত্যাকাণ্ডৰ ৬মাহৰ পাছত এছআইটিৰ অনুসন্ধানৰ ভিত্তিত হিন্দু যুৱ সেনা এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বাংগালুৰুৰ আৰক্ষীয়ে৷ জানিব পৰা মতে অনুসন্ধানকাৰী সংস্থা এচআইটিয়ে শুকুৰবাৰে ৩৭ বছৰীয়া নবীন কুমাৰ নামৰ ব্যক্তিজনক গ্ৰেপ্তাৰ কৰে৷

এচআইটিৰ বিষয়া তথা বাংগালুৰৰ উপায়ুক্ত এমএম অনুচেথে জানিবলৈ দিয়া মতে নবীন কুমাৰক ৮ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। তেওঁ লগতে, অবৈধ্য অস্ত্ৰ-শস্ত্ৰ লগত ৰখাৰ অপৰাধত কুমাৰৰ বিৰুদ্ধে অন্য এটা গোচৰো ৰুজু কৰা হৈছে বুলি কয়৷ আনহাতে এচআইটিৰ অধ্যক্ষ বিকি সিঙে জানিবলৈ দিয়া মতে, গৌৰী লংকেশ হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অপৰাধত আৰু সন্দেহজনক ব্যক্তিক আটক কৰি আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধা পোছা কৰিব বুলিও কয়।

ইয়াৰোপৰি সহকাৰী চৰকাৰী অধিবক্তা নিৰ্মলা ৰাণীয়ে কয়, গৌৰী লংকেশৰ হত্যাকাণ্ডৰ লগত বৰ্তমান নবীন কুমাৰৰ নামেই সংযুক্ত হৈছে যদিও পৰবৰ্তী সময়ত তদন্তৰ যোগেদি আৰু নাম পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷ জানিব পৰা মতে অপৰাধ অনুসন্ধান শাখাৰ অভিযোগৰ ভিত্তিত বাংগালুৰু আৰক্ষীয়ে এটা বাছ আস্থানৰ পৰা কুমাৰক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ সময়ত কুমাৰৰ পৰা ০.৩২ কেলিবাৰৰ ১৫ জাঁই গুলিও উদ্ধাৰ কৰা হৈছে৷

উল্লেখ্য যে বিগত বৰ্ষৰ ছেপ্তেম্বৰ মাহত গৌৰী লংকেশৰ বাংগালুৰু স্থিত নিজা বাসগৃহৰ বাহিৰত ৭.৬৫ এমএম পিষ্টলেৰে গুলিয়াই হত্যা কৰিছিল৷ এই হত্যাকাণ্ডৰ অপৰাধীক কৰায়ত্ব কৰিবলৈ অক্টোবৰৰ পৰা অনুলন্ধান চলাই আহিছিল এচআইটিয়ে৷ গৌৰী লংকেশ আছিল ‘গৌৰী লংকেশ পত্ৰিকা’ নামৰ সংবাদপত্ৰৰ সাংবাদিক৷

নিষ্ঠাৱান সাংবাদিক লংকেশে কাকতত দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে ক্ষুৰধাৰ সমালোচনা কৰি অহাৰ বাবেই হত্যা কৰা হৈছিল বুলি মানুহে অনুমান কৰি আহিছে৷ গৌৰী লংকেশৰ হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ হোৱা নবীন কুমাৰৰ বিচাৰৰ ভিত্তিতহে পৰৱৰ্তী সময়ত হত্যাৰ মূল কাৰণ কি সেইটো লক্ষণীয় হ’ব৷