খৈৰাবাৰীঃ অৰণ্যৰ পৰা খাদ্যৰ সন্ধানত জন অৰণ্যলৈ প্ৰায়ে ওলাই আহে বনৰীয়া হাতী৷ জন অৰণ্যলৈ ওলাই অহা এটি হাতী বন বিভাগৰ উদাসীনতাৰ বাবে মৃত্যুমুখত পৰিল৷
ওদালগুৰি জিলাৰ আজি ভূটীয়াচাং চাহ বাগিচাৰ চাৰি নম্বৰ ছেক্টৰত এটি মৃত মখনা হাতী পোৱালী উদ্ধাৰ হয়।
পাঁচ বছৰ মান বয়স হৈছিল হাতীটোৰ৷ বনবিভাগৰ মতে, খাদ্যত বিষক্ৰিয়া হৈ হাতীটোৰ মৃত্যু হ’ব পাৰে। বনবিভাগৰ দ্বাৰা হোৱা মৰণোত্তৰ পৰীক্ষাৰ পিছতহে হাতীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব৷