*​ সকলো বেৰতে মেলিছে বৃহৎ বৃহৎ ফাট 

newsnextone.com ।। তেজপুৰঃ  ১৮শতিকাত তেজপুৰ চহৰত প্ৰতিষ্ঠা হৈছিল এটা বাসগৃহ। তেজপুৰ চহৰৰ মাজমজিয়াত প্ৰতিষ্ঠা হোৱা এই বাসগৃহলৈ ভাৰতবৰ্ষ লগতে বিশ্বত খলকনি লগোৱা বহু মহান মহান মনীষীৰ পদাপৰ্ণ হৈছিল।

মহামানৱ মহাত্ম গান্ধী, ৰাজেন্দ্ৰ প্ৰসাদ, জৱাহালাল নেহৰু, মতিলাল নেহৰু,লালা লাজপট ৰায়, মীৰা বেন, তৰুন ৰাম ফুকন,লক্ষীনাথ বেজবৰুৱা, বিমলা প্ৰসাদ চৌধুৰী, ফকৰুদ্দিন আলি আহমেদ  আদিৰ দৰে মহান লোকে পদাপৰ্ণ কৰা গৃহটোৰ বেৰ বোৰত এতিয়া বৃহৎ বৃহৎ ফাট লোৱা দেখা গৈছে। তেজপুৰ চহৰৰ ঐতিহ্য বহনকাৰী এই বাসগৃহটি  হৈছে ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ পিতৃ গৃহ জ্যোতি ভাৰতীৰ কথাকে কোৱা হৈছে।

১৮শ শতিকাত ৰূপকোঁৱৰ গৰাকীৰ পিতৃয়ে তেজপুৰ চহৰৰ মাজমজিয়াত নিৰ্মাণ কৰিছিল এটি আৰ চি চি গৃহ। ১৮৭৮ চনৰ এই গৃহত বৰেণ্য লোক সকলৰ  আগমন ঘটিছিল। ৰূপকোঁৱৰ গৰাকীয়েও ইয়াতে নিজৰ সুন্দৰৰ মন্ত্ৰৰে নানান সৃষ্টি কৰিছিল। অৱশ্যে ৰূপকোঁৱৰ গৰাকীৰ মহাপ্ৰয়াণৰ পিছত পৰিয়ালৰ লোকে চৰকাৰক গৃহটো প্ৰদান কৰিছিল।

চৰকাৰে গৃহটোক 'জ্যোতি ভাৰতী' হিচাপে নামাকৰণ কৰি সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনলৈ নি সংৰক্ষণ কৰিছিল। বহু চৰকাৰে বহু আচনিৰ কথা ঘোষণা কৰি আহিছিল। কেতিয়াবা  উন্নত প্ৰযুক্তি সম্পন্ন আৰ্কাইভ, কেতিয়াবা ৰেকডিং কেন্দ্ৰ ইত্যাদি ইত্যাদি বহু ঘোষণা কৰে । কিন্তু কোনোটো হৈ নুঠিল।

বছৰ বছৰ ধৰি ৰ'দ-বৰষুণ, বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ বাবে এই বাসগৃহতোত প্ৰকাণ্ড প্ৰকাণ্ড ফাট লৈছে। যাৰ ফলত জৰাজীৰ্ণ ৰূপ পৰ্যবেক্ষিত হৈছে। সামান্য প্ৰাৱল্যৰ ভুমিকম্প আহিলেও খহি পৰিব পাৰে জ্যোতি ভাৰতীৰ দেৱাল নতুবা বেৰ বোৰ। অসম চৰকাৰ সাংস্কৃতিক সঞ্চালকালয়ে এই ঐতিহাসিক গৃহটো মেৰামতি নকৰিলে ডাঙৰ বিপদত পৰাৰ শংকা কৰা হৈছে।

অৱশ্যে জ্যোতি ভাৰতীৰ কৰ্তৃপক্ষই  অসম চৰকাৰৰ ওচৰত বিষয়টো অবগত কৰি আবেদন কৰিছে যদিও কোনো কাণসাৰ কৰা নাই অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে।