পাঠশালাঃ সফলতাই যেন হাত বাউলি মাতিছে বৰপেটা জিলাৰ পাঠশালাক। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত তিনিটাকৈ স্থান লাভৰ পিছত আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলতো উজলি উঠিবলৈ সমৰ্থ হয় পাঠশালা।

শিক্ষানগৰীখ্যাত চহৰখনলৈ আজি এই গৌৰৱ কঢ়িয়াই আনে আনন্দৰাম বৰুৱা একাডেমীৰ ছাত্ৰী জ্যোতিস্মিতা কলিতাই। আটাইকেইটা বিষয়তে লেটাৰ নম্বৰ সহ সৰ্বমুঠ ৫৮৩ নম্বৰেৰে ৰাজ্যৰ ভিতৰতে সপ্তম স্থান অধিকাৰ কৰে জ্যোতিস্মিতাই।

♦ বৰপেটা উজলালে ৫কীৰ্তিমানে

পাটাছাৰকুছি নিৰ্মল হালৈ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ৰুদ্ৰ কলিতা আৰু প্ৰাইমাৰী স্কুলৰ শিক্ষয়িত্ৰী কবিতা দাসৰ কন্যা জ্যোতিস্মিতাই আনন্দৰাম বৰুৱা একাডেমীতে উচ্চতৰ মাধ্যমিকৰ কলা শাখাত নামভৰ্তি কৰিব বুলি জানিবলৈ দিয়ে। ভৱিষ্যতে দিল্লী বিশ্ববিদ্যালয়ত ৰাজনীতি বিজ্ঞান বিষয়ত অধ্যায়ন কৰাৰ মন আছে মেধাৱী ছাত্ৰীগৰাকীৰ।

দৈনিক ৮-১০ ঘণ্টাকৈ অধ্যায়ন কৰা ছাত্ৰীগৰাকীয়ে বৰ্তমানৰ শিক্ষা ব্যৱস্থাত সংস্কাৰৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে। হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক দুয়োটা পৰীক্ষাতে স্থানপ্ৰাপ্তৰ ধাৰণাটো নাইকিয়া কৰি তাৰ ঠাইত গ্ৰেড পদ্ধতি প্ৰৱৰ্তন কৰিব লাগে বুলিও মত পোষণ কৰে ছাত্ৰীগৰাকীয়ে।

এই ফলাফলৰ পিছতে আনন্দৰাম বৰুৱা একাডেমীত আজি উছৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। বিদ্যালয়খনৰ ৰেক্টৰ ড০ ৰণজিৎ ডেকাই কঠোৰ শ্ৰমৰ ফলতহে এনে ফল লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি সাংবাদিকৰ আগত সদৰী কৰে।

ইফালে পাঠশালাৰ জ্যোতিস্মিতাৰ লগতে বৰেপটা জিলাৰ সৰ্বমুঠ ৫গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শীৰ্ষৰ দহটা স্থানত অন্তৰ্ভূক্ত হৈ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে। জিলাখনৰ অসম কেশৰী জাতীয় বিদ্যালয়ৰ ছাত্ৰী হিয়াপৰশা ভূঞাই ৫৮৫ নম্বৰেৰে পঞ্চম আৰু ৫৮৪ নম্বৰেৰে মেৰিয়ান হাইস্কুলৰ জাহনাজ চৌছিফা আহেমেদে ষষ্ঠ স্থান লাভ কৰে।

আনহাতে ৫৮০ নম্বৰেৰে দশম স্থান লাভ কৰে ছেইণ্ট টেৰেছা ইংলিছ হাইস্কুলৰ হেমাংগিনী দাস আৰু বৰেপটা ৰোড বড়ো হাইস্কুলৰ বিবুংছাৰ বসুমতাৰীয়ে। এনেদৰে ৫গৰাকীকৈ কৃতী শিক্ষাৰ্থীৰ সাফল্যত আনন্দমুখৰ হৈ পৰিছে বৰপেটা জিলাৰ ভিন্ন স্থানৰ শিক্ষানুষ্ঠানসমূহ।