newsnextone.com | কাকপথাৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখনে সৰ্বকালৰ অভিলেখ ভংগ কৰি দেশৰ জনতাক প্ৰচণ্ড মাধমাৰ শোধাই ধাৰাবাহিক পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি হোৱাত দেশৰ সাধাৰণ জনগণে হাহাকাৰ কৰিব লগা হৈছে৷ 

বিশেষকৈ খেতিয়ক, সাধাৰণ উদ্যোগ চলোৱা লোক, সাধাৰণ ব্যৱসায়ীয়ে পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ ফলত একপ্ৰকাৰ কোঙা হৈ পৰিছে। যাৰ ফলত আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাৰ নামতিত আছুৱে পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধিৰ ৰোধ কৰাত নৰেন্দ্ৰ মোডী চৰকাৰ বিফল হোৱাৰ অভিযোগ উত্থাপন কৰি কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ কৰে৷ কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই শীঘ্ৰে পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি ৰোধ নকৰিলে পুনৰাই প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ দিয়ে৷