কাকপথাৰঃ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত তিনিচুকীয়া জিলাৰ অতি পিছপৰা ডিৰাক অঞ্চলৰ ৩ নং সৰুমেছাই (কুৰুকাণি) গাঁৱৰ প্ৰয়াত কান্তেশ্বৰ বুঢ়াগোহাঁই আৰু বাসন্তী বুঢ়াগোহাঁইৰ কনিষ্ঠ পুত্ৰ ধনঞ্জয় বুঢ়াগোহাইয়ে ডিৰাক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰপৰা নিজৰ প্ৰৱল ইচ্ছা শক্তি, একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমেৰে ষ্টাৰ মাৰ্কসহ চাৰিটা বিষয়ত লেটাৰ মাৰ্ক পাবলৈ সক্ষম হোৱাৰ উপৰিও ব্যক্তিগত নিৰাপত্তা (ঐচ্ছিক) বিষয়ত অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰি বিদ্যালয়ৰ লগতে অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে।
উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পাছতেই ৰাজ্যৰ চৌদিশে আনন্দত আত্মহাৰা হৈ পৰা দেখা পোৱা গৈছে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকল। কিন্তু দিন হাজিৰা কৰি যেনেতেনে পৰিয়ালটো পোহপাল দি থকা ধনঞ্জয়ৰ মাতৃয়ে পিতৃহীন ধনঞ্জয়ৰ পঢ়াক লৈ আনন্দৰ মাজতো কিছু চিন্তিত হৈ পৰিছে।
পঢ়াৰ বাবে অত্যন্ত হেঁপাহ থকা ছাত্ৰজনে এতিয়া কিছু শংকাত ভূগিছে। কাৰণ সন্মুখত এতিয়া হেঙাৰ হৈ থিয় দিছে দৰিদ্ৰতাই। সেয়েহে ধনঞ্জয়ক এতিয়া প্ৰয়োজন কোনো হৃদয়বানৰ এখনি সহায়ৰ হাত। উল্লেখযোগ্য যে, চৰকাৰৰ উন্নয়নে ঢুকি নোপোৱা বাট-পথৰ জৰাজীৰ্ণ অৱস্থাৰে জৰ্জৰিত অঞ্চলৰ এটি সৰু জুপুৰিত বাস কৰে ধনঞ্জয়ৰ পৰিয়ালে।