কলিয়াবৰঃ নগাঁও জিলাৰ কলিয়াবৰ অঞ্চলৰ ৰাইজে ভয়ংকৰ বানপানীৰ কবলত পৰাৰ স্মৃতি আজিও পাহৰিব পৰা নাই৷ ২০১৭ চনৰ ১২ আগষ্টৰ নিশা মহা প্ৰলয়ৰ সৃষ্টি হৈছিল কলিয়াবৰত৷ কলিয়াবৰৰ বৰঘোপ পাহাৰৰ পৰা হাতীমুৰালৈকে মথাউৰি ছিঙি নিয়াৰ ফলত ভয়ংকৰ বিপদত পৰিছিল কলিয়াবৰবাসী।

নগাঁও জিলাক কলঙৰ বাঢ়নী পানীৰ পৰা ৰক্ষা কৰি অহা হাতীমুৰা মথাউৰি ২০১৭ চনৰ ১২ আগষ্টৰ নিশা প্ৰায় ২ বজাত ছিঙি গৈছিল৷ তাৰ পিছতে ৰনচণ্ডী ৰূপ ধাৰণ কৰিছিল কলঙে৷ কলঙে মানুহৰ ঘৰ-বৰ বুৰাই পেলাইছিল। পকী দলং কলঙৰ বুকুত জাহ গৈছিল। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ পানীৰ তলত থকাৰ ফলত আহ-যাহ বন্ধ হৈ পৰিছিল৷ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টি কলিয়াবৰত চৰম দুৰ্যোগ নামি আহিছিল। ১২ আগষ্টিৰ নিশা মথাউৰিটো ছিঙি নিয়াৰ পিছত ১৩ আগষ্টৰ পুৱাই মন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সকলো মথাউৰি পুনৰ মেৰামতি কৰাৰ কৈ ৰাইজক সুৰক্ষা দিয়াৰ কথা কৈছিল৷ 

মথাউৰি ছিঙি নিয়াৰ পিছতেই নগাঁও জিলাৰ কলিয়াবৰৰ হাজাৰ হাজাৰ লোকে হাহাকাৰ কৰিব লগীয়া হৈছিল৷ এটুপি পানী, খাদ্য, বৰষুণৰ টোপালৰ পৰা ৰক্ষা পাবলৈ এখন ছালিৰ অভাৱত কেৱল হাহাকাৰ আৰু হাহাকাৰ কৰি দিন পাৰ কৰিছিল৷ কেচুৱা কোলাত লৈ চকুলো টুকিছিল বহু মাতৃয়ে৷ সপোনৰ ঘৰখনৰ এপদ সামগ্ৰীও উলিয়াই আনিব নোৱাৰা বেদনাৰ কথা কাকো ক’ব পৰা নাছিল কলিয়াবৰবাসীয়ে৷ চৰকাৰে বেদনাৰ কথা বুজা হ’লে হয়তো এনে পৰিস্থিতিৰ উদ্ভৱেই নহ’লহেতেন বুলি সেই সময়ত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছিল। কিয়নো ৰাইজে বাৰে বাৰে মথাউৰি মেৰামতি কৰাৰ দাবী উত্থাপন কৰি আহিছিল৷

হাঁহি-ধেমালিৰে ভৰি থকা একো একোখন ঘৰ পানীত বুৰ গৈছিল৷ সুখেৰে থকা লোকবোৰে হেৰুৱাৰ বেদনাত আৰ্তনাদ কৰিছিল৷ পোহনীয়া জীৱ-জন্তু সকলো বানত উটি গৈছিল৷ সন্তানৰ কাপোৰ, কিতাপ-পত্ৰ, কাহি-বাটি-চৰু সকলো বানে লৈ গৈছিল কলিয়াবৰবাসীৰ৷ সৰু বৰ গাড়ী পানীৰ তলত আছিল আৰু ওখ ঠাইৰ অভাৱত সতি-সন্তান লৈ বিপাঙত পৰিছিল হাজাৰ হাজাৰ লোক৷ 

বহু ৰুগীয়া লোক মুক্ত আকাশৰ তলত চিকিৎসা কৰিব লগীয়া হৈছিল৷ বৰষুণত তিতি মৃত্যুৰে যুঁজ দিছিল৷ ১৯৭২ চনৰ পিছত ভয়াৱহ বানৰ কবলত পৰিছিল নগাঁও জিলাৰ কলিয়াবৰ মহকুমাটো৷ কলং নৈৰ কলিয়াবৰৰ বৰঘোপ পাহাৰৰ পৰা হাতীমূৰালৈকে থকা মথাউৰিটো ছিঙি নিয়াৰ ফলত সমগ্ৰ অঞ্চলটোত জলপ্ৰলয়ে দেখা দিছিল।

কলিয়াবৰবাসীয়ে সেই স্মৃতি পাহৰিব পৰা নাই যদিও বাৰিষা আকৌ আহিল৷ কিন্তু আজিও সম্পূৰ্ণ হৈ উঠা নাই কলিয়াবৰৰ মথাউৰিৰ মেৰামতিৰ কাম। যাৰ ফলত পুনৰ জলপ্ৰলয়ৰ সৃষ্টি হোৱাৰ আশংকাত দিন পাৰি কৰিছে নৈপৰীয়া বাসিন্দাই। বাৰিষা আহি পোৱাৰ পিছতো কলিয়াবৰৰ বহু মথাউৰি আজিও মেৰামতি নহ’ল৷ আনহাতে মথাউৰি নিৰ্মাণত ঠিকা লাভ কৰা ঠিকাদাৰে ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। ৰাজ্যৰ আন ঠাইৰ মথাউৰিৰ লগতে খোদ জলসম্পদ মন্ত্ৰীৰ গৃহসমষ্টিতে আজিলৈ মথাউৰি মেৰামতি তথ পুনঃনিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে৷

ইমানে নহয় ৰাইজে কলিয়াবৰৰ বৰঘুলীত মথাউৰি মেৰামতিত নিম্ন মনৰ সা-সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে। আনহাতে ব্ৰহ্মপুত্ৰ পানীৰ পৰা কলিয়াবৰক ৰক্ষা কৰি থকা শিলঘাট-ধিং মথাউৰি মেৰামতিৰ নামত নৈৰ বুকুৰ বালি ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। মাটি নিদিয়াকৈ বালিৰে মথাউৰি মেৰামতি কৰাৰ মথাউৰি এজাক বৰষুণতে উটি যোৱাৰ সন্দেহ কৰে ৰাইজে৷ ১৮৮৮ মিটাৰ দৈৰ্ঘ্যৰ মথাউৰি মেৰামতিত ঠিকাদাৰে মাটিৰ বিপৰীতে নৈৰ বালি ব্যৱহাৰ কৰাত এজাক বৰষুণতে মথাউৰি খহাই নিয়াৰ বুলি ৰাইজে অভিযোগ উত্থাপন কৰে৷  

বিভাগীয় নীতি-নিৰ্দেশনা অমান্য কৰি ঠিকাদাৰে মথাউৰি নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন হৈছে। জলসম্পদ বিভাগৰ আঁচনি মতে মথাউৰিৰ বহল আৰু উচ্চতা হোৱা নাই  বুলি কয় ৰাইজে। ৰাইজৰ মতে, মুঠৰ ওপৰত ৰাইজৰ সমস্যাক আওকাণ কৰি এতিয়া ধন ঘটাত ব্যস্ত ঠিকাদাৰ-জলসম্পদ বিভাগৰ অভিযন্তা-বিষয়া। 

বিগত বৰ্ষত ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকাৰী বানত বিস্তৰ ক্ষতি হোৱা কলিয়াবৰ-বৰঘুলী অঞ্চলক বানৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে তিনি কোটি টকা ব্যয়ৰে মথাউৰি মেৰামতিৰ কাম অব্যাহত ৰাখিছে জলসম্পদ বিভাগে। কিন্তু, ঠিকাদাৰৰ কাম-কাজে ক্ষোভিত কৰাৰ লগতে শংকিত কৰিছে কলিয়াবৰবাসীক৷