গুৱাহাটীঃ বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে অসমৰপৰা খালী হ’বলগীয়া ৰাজ্যসভাৰ আসন এখনত যোৰহাটৰ প্ৰাক্তন সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ নাম মনোনিত কৰিছে। দুখন আসনৰ আনখন আসন বিজেপিয়ে মিত্ৰ দল অগপক এৰি দিছে।
দ্বিতীয়খন আসনত অগপৰ বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যই প্ৰতিদ্বন্দ্বিতা কৰিব। জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং আৰু শান্তিয়াছ কুজুৰৰ কাৰ্যাকালৰ অন্ত পৰাত অহা ৯ জুনত খালী হ’ব।
এই দুই আসনৰ বাবে অহা ৭ জুনত নিৰ্বাচন অনুষ্ঠিত হ’ব। মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম তাৰিখ ২৮ মে’ আৰু ২৯ মে’ত মনোনয়ন-পত্ৰসমূহ পৰীক্ষা কৰা হ’ব৷