Printer-friendly version

ইছলামাবাদঃ পাকিস্তানেৰ বন্দৰ চহৰ কৰাচিৰ চীনা দূতাবাসত অজ্ঞাত বন্দুকধাৰীয়ে গুলীচালনা কৰাত দুজন আৰক্ষীকে ধৰি মুঠ পাঁচজন  নিহত হয়। লগতে তিনি সন্ত্ৰাসবাদীও নিহত হ.। আহত হৈছে আন কেইবাজনো লোক। 

জানিব পৰা মতে, চাৰিজন অচিনাক্ত লোকে দূতাবাসত প্ৰৱেশৰ চেষ্টা কৰাত কৰ্তব্যৰত আৰক্ষীয়ে বাধা দিয়াত বন্দুকধাৰীকেইজনে গুলী চলাবলৈ আৰম্ভ কৰে। আৰক্ষী বিষয়া জাভেদ আলামে সংবাদ সংস্থা এ এফ পিক এই কথা জানিবলৈ দিয়ে। তেওঁ কয় যে দুয়োপক্ষেৰ গুলীয়াগুলীত দুজন আৰক্ষীৰ মৃত্যু হৈছে। 

ঘটনাৰ পাছতে এটা আক্ৰমণকাৰী সেই স্থানৰপৰা পলাই যাবলৈ সক্ষম হয়। ঘাতকক বিচাৰি অভিযান কৰা হৈছে।