55
নতুন দিল্লীঃ কৰাচীৰ এখন ব্যক্তিগত বিদ্যালয়ৰ সাংস্কৃতিক অনুষ্ঠানত বলিউডৰ জনপ্ৰিয় গীত ‘ফীৰ ভি দিল হে’ হিন্দুস্তানী’ৰ তালে তালে এজাক শিশুৱে নৃত্য কৰিছিল৷ মঞ্চৰ পিছফালে স্ক্ৰীণত দেখুওৱা হৈছিল ভাৰতৰ জাতীয় পতাকা৷ ইয়াৰ পাছতেই খড়্গহস্ত হৈ পৰিছে চৰকাৰী কৰ্তৃপক্ষই৷
মামা বেবী কেয়াৰ স্কুল নামৰ বিদ্যালয়খনত এনেদৰে ভাৰতৰ গুণ-গান গোৱা দেখি বিদ্যালয়সমূহৰ পঞ্জীয়ন সঞ্চালকালয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ পঞ্জীয়ন নাকচ কৰিছে৷