newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটক বিধান সভাৰ এটি সমষ্টিত অনুষ্ঠিত উপ-নিৰ্বাচনত কংগ্ৰেছ দলে জয়ী হয়৷ কংগ্ৰেছৰ প্ৰাৰ্থী সৌম্য ৰেড্ডী জয়ী হোৱাৰ বিপৰীতে বিজেপিৰ প্ৰভাৱশালী প্ৰাৰ্থী বিএন প্ৰহ্লাদে পৰাজয়বৰণ কৰে৷
পূৰ্বে ৭৯ খন আসন আছিল কংগ্ৰেছে আসন৷ এই খন আসন লাভ কৰাৰ পিছত ৮০ খন আসন হ’ল কংগ্ৰেছৰ৷ যোৱা ১১ জুনত কৰ্ণাটকৰ জয়নগৰ বিধানসভা সমষ্টিৰ হোৱা উপ-নিৰ্বাচন অনুষ্ঠিত হৈ গৈছিল৷ বুধবাৰে পুৱাৰে পৰা ভোট গণনা অনুষ্ঠিত হয়৷ বাংগালুৰুৰ জয়নগৰ বিধানসভা সমষ্টি গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি ৰূপে জনা যায়৷