কাৰ্বি আংলংঃ ভাৰতীয় নিৰ্বাচনী আয়োগে ২০১৯ ৰ লোকসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত বোকাজান মহকুমাৰ মহকুমাধিপতি সতীশ চন্দ্ৰ ঠাকুৰীয়াই বুধবাৰে সন্ধিয়া ৬ বজাত বোকাজান বিলাতী মাটি কাৰখানাৰ অতিথিশালাত এক সংবাদ মেলৰ আয়োজন কৰে৷ সংবাদমেলত মহকুমাধিপতিগৰাকীয়ে ৩ নং ডিফু লোকসভা সমষ্টিৰ অধীনৰ বোকাজান বিধানসভা সমষ্টিত মুঠ ১,৪০,৩৮৭ গৰাকী ভোটাৰক সামৰিলৈ ২১২ টা ভোট গ্ৰহণ কেন্দ্ৰত শান্তিপূৰ্ণ আৰু স্বচ্ছ প্ৰক্ৰিয়াৰে ভোট গ্ৰহণ কৰিবলৈ বোকাজান মহকুমা প্ৰশাসনে কেতবোৰ ব্যৱস্থা গ্ৰহণৰ কথা জানিবলৈ দিয়ে৷ 

বোকাজান বিধানসভা সমষ্টিত মুঠ ১,৪০,৩৮৭ গৰাকী ভোটাৰৰ ৭২,১৩৪ গৰাকী পুৰুষ আৰু ৬৮,২৫৩ গৰাকী মহিলা ভোটাৰ৷ সমষ্টিটোৰ বাবে ই ভি এম মেছিন আছে ২৬১ টা আৰু ভি ভি পি এ টি আছে সৰ্বমুঠ ২৭৮ টা৷ এইবাৰ লোকসভা নিৰ্বাচনত বোকাজান বিধানসভা সমষ্টিত মুঠ ১২৫০ গৰাকী পুলিং বিষয়াৰ লগতে গাড়ীৰ প্ৰয়োজন হ’ব ৩৫৫ খন৷ ইপিনে বোকাজান সমষ্টিৰ এই ২১২ টা ভোট কেন্দ্ৰৰ ভিতৰত ৬৪ টা ভোট কেন্দ্ৰ স্পৰ্শকাতৰ আৰু ১০৮ টা ভোট কেন্দ্ৰ অতি স্পৰ্শকাতৰ বুলিও সংবাদমেলত সদৰী কৰে৷ 

এইবাৰ সমষ্টিটোত 'ডি' ভোটাৰ আছে মুঠ ২৫ গৰাকী৷ আনহাতে, বোকাজান ব্লক খেলপথাৰৰ ভোট কেন্দ্ৰটোক আদৰ্শ ভোট কেন্দ্ৰ হিচাপে লোৱাৰ লগতে এটা মহিলাৰ বাবে সংৰক্ষিত ভোট কেন্দ্ৰও থাকিব বুলি জানিবলৈ দিয়ে৷ সংবাদমেলত উপস্থিত বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিক্ষয়া পদ্ম কুমাৰ পেগুৱেও মহকুমা প্ৰশাসনৰ দৰে স্বচ্ছ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে স্পৰ্শকাতৰ আৰু অতি স্পৰ্শকাতৰ ভোট কেন্দ্ৰ সমুহ পৰিভ্ৰমণ কৰি নিৰাপত্তা কটকটীয়া কৰি তোলাৰ লগতে কোনো দুস্কৃতিকাৰীয়ে যাতে আপত্তিজনক সামগ্ৰী কঢ়িয়াই কূটাঘাটমুলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰবাবে সষ্টম নিৰাপত্তাৰক্ষী তথা নাকা তালাচীৰে চোকা দৃষ্টি ৰখাৰ উপৰি এইবাৰৰ নিৰ্বাচনত ম'বাইল নাকা তালাচীৰো ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে৷ 

আনহাতে, অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰ সমূহ শীঘ্ৰেই নিকটতম আৰক্ষী থানাত জমা কৰিবলৈ নিৰ্দেশ প্ৰদানৰ কথা জানিবলৈ দিয়াৰ লগতে ইতিমধ্যে ১৬ টা বন্দুক জমা কৰিবলৈ সক্ষম হৈছে যদিও বৰ্তমানলৈকে এশ শতাংশ এই কাম সম্পূৰ্ণ কৰিব পৰা নাই বুলি আৰক্ষী বিষয়াগৰাকীয়ে কয়৷ লগতে মহকুমা আৰক্ষী বিষয়াগৰাকীয়ে সংবাদমেলত সদৰী কৰে যে নাকা তালাচীৰ জড়িয়তে ইতিমধ্যে কেইবাটাও মাৰণাস্ত্ৰ উদ্ধাৰ কৰাৰ লগতে ৫ জনক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাৰ লগতে আৰক্ষী বিষয়াগৰাকীয়ে সংবাদমেলত এটা কথা স্পষ্টকৈ কয় যে পাহাৰীয়া জিলাখনত এতিয়া উগ্ৰপন্থীৰ ককাঁল একেবাৰে ভাঙি গৈছে, গতিকে এই সম্পৰ্কত বিশেষ চিন্তা কৰিব নালাগে৷

উল্লেখ্য যে, আগন্তুক লোকসভা নিৰ্বাচন কেন্দ্ৰীক উক্ত সংবাদমেলত নিৰ্বাচনী বিষয়া তাহিৰ আলমৰ উপৰি এছিছটেণ্ট কমিছনাৰদ্বয়ে বেমথই ছানু আৰু ভাস্কৰজ্যোতি কলিতাও উপস্থিত আছিল৷