কাৰ্বি আংলংঃ ভাৰতীয় নিৰ্বাচনী আয়োগে ২০১৯ ৰ লোকসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত বোকাজান মহকুমাৰ মহকুমাধিপতি সতীশ চন্দ্ৰ ঠাকুৰীয়াই বুধবাৰে সন্ধিয়া ৬ বজাত বোকাজান বিলাতী মাটি কাৰখানাৰ অতিথিশালাত এক সংবাদ মেলৰ আয়োজন কৰে৷ সংবাদমেলত মহকুমাধিপতিগৰাকীয়ে ৩ নং ডিফু লোকসভা সমষ্টিৰ অধীনৰ বোকাজান বিধানসভা সমষ্টিত মুঠ ১,৪০,৩৮৭ গৰাকী ভোটাৰক সামৰিলৈ ২১২ টা ভোট গ্ৰহণ কেন্দ্ৰত শান্তিপূৰ্ণ আৰু স্বচ্ছ প্ৰক্ৰিয়াৰে ভোট গ্ৰহণ কৰিবলৈ বোকাজান মহকুমা প্ৰশাসনে কেতবোৰ ব্যৱস্থা গ্ৰহণৰ কথা জানিবলৈ দিয়ে৷
বোকাজান বিধানসভা সমষ্টিত মুঠ ১,৪০,৩৮৭ গৰাকী ভোটাৰৰ ৭২,১৩৪ গৰাকী পুৰুষ আৰু ৬৮,২৫৩ গৰাকী মহিলা ভোটাৰ৷ সমষ্টিটোৰ বাবে ই ভি এম মেছিন আছে ২৬১ টা আৰু ভি ভি পি এ টি আছে সৰ্বমুঠ ২৭৮ টা৷ এইবাৰ লোকসভা নিৰ্বাচনত বোকাজান বিধানসভা সমষ্টিত মুঠ ১২৫০ গৰাকী পুলিং বিষয়াৰ লগতে গাড়ীৰ প্ৰয়োজন হ’ব ৩৫৫ খন৷ ইপিনে বোকাজান সমষ্টিৰ এই ২১২ টা ভোট কেন্দ্ৰৰ ভিতৰত ৬৪ টা ভোট কেন্দ্ৰ স্পৰ্শকাতৰ আৰু ১০৮ টা ভোট কেন্দ্ৰ অতি স্পৰ্শকাতৰ বুলিও সংবাদমেলত সদৰী কৰে৷