newsnextone.com ডিফুঃ শুকুৰবাৰে কাৰ্বি আংলং জিলাৰ বৰলাংফাৰত গঠন হ'ল বায়'ডাইভাৰচিটি মেনেজমেণ্ট কমিটি৷ অসম ৰাজ্যিক জৈৱ-বৈচিত্ৰ পৰিষদৰ সমল ব্যক্তি ড০ ঐনাম সুনন্দা দেৱী আৰু মনসা গোস্বামীৰ উদ্যোগত বৰলাংফাৰত অনুষ্ঠিত বায়'ডাইভাৰচিটি সভাত এচিএফ অমৰেন্দ্ৰ তালুকদাৰ, ৰেঞ্জাৰ চিকাৰী টেৰণ সহ কেইবাগৰাকী বিষয়া আৰু কেইবাখনো গাঁৱৰ লোক উপস্থিত থাকে৷ 

সভাত আঞ্চলিক বন বিষয়া চিকাৰী টেৰণে কয় যে, বায়'ডাইভাৰচিটি মেনেজমেণ্ট কমিটি গঠনৰ দ্বাৰা জিলা খনৰ বহু সম্পদ ৰক্ষা পৰিব৷

উল্লেখযোগ্য যে, প্ৰচুৰ সম্ভাৱনাপূৰ্ণ প্ৰাকৃতিক সম্পদ আৰু জৈৱ-বৈচিত্ৰৰে ভৰপুৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বনাঞ্চলৰ পৰা অবাধ হাৰত আপুৰুগীয়া সম্পদবোৰৰ বিলুপ্ত হ’বলৈ ধৰাত জিলা খনৰ জৈৱ বৈচিত্ৰ অক্ষুণ্ণ ৰখাত সমস্যাৰ সৃষ্টি হৈছে, তেনে সময়ত বায়'ডাইভাৰচিটিৰ মেনেজমেণ্ট কমিটি গঠনে এক আশাৰ ৰেঙণি কঢ়িয়াই আনিব বুলি সচেতন মহলে মন্তব্য কৰিছে৷