খেৰণিঃ আসন্ন লোকসভা নিৰ্বাচনৰ সাংসদীয় আসন দখলৰ লক্ষ্যৰে কাৰ্বি আংলঙত চলিছে বিজেপিৰ ব্যাপক নিৰ্বাচনী যুজঁ। ধুমুহা গতিত দূৰ্গম পাহাৰতো নেৰানেপেৰাকৈ অব্যাহত ৰাখিছে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ অভিযান।
বিগত সময়ত অসমৰ লগতে কাৰ্বি আংলং ৰাইজৰ মনত কংগ্ৰেছৰ প্ৰতি মোহভংগ হৈ কংগ্রেছ ত্যাগ কৰি বহুলোকে বিজেপিত যোগদান কৰিছিল অথবা কংগ্ৰেছৰ শক্তিশালী দূৰ্গত স্খলন ঘটি কংগ্ৰেছ ক্ৰমাৎ দুৰ্বল হৈ পৰিছে বুলি বিজেপিয়ে দাবী কৰি আহিছে। কিন্তু তেনে সময়তে বিজেপিৰ বিপৰীত মেৰুত অৱস্থান কৰি থকা কংগ্ৰেছক প্ৰত্যাহ্বান জনাই বিজেপিয়ে ব্যাপক তৎপতাৰে নিৰ্বাচনী প্ৰচাৰ চলাবলগীয়া হৈছে পাহাৰীয়া জিলাখনৰ বিভিন্ন প্ৰান্তত।