খেৰণিঃ আসন্ন লোকসভা নিৰ্বাচনৰ সাংসদীয় আসন দখলৰ লক্ষ্যৰে কাৰ্বি আংলঙত চলিছে বিজেপিৰ ব্যাপক নিৰ্বাচনী যুজঁ। ধুমুহা গতিত দূৰ্গম পাহাৰতো নেৰানেপেৰাকৈ অব্যাহত ৰাখিছে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ অভিযান। 

বিগত সময়ত অসমৰ লগতে কাৰ্বি আংলং ৰাইজৰ মনত কংগ্ৰেছৰ প্ৰতি মোহভংগ হৈ কংগ্রেছ ত্যাগ কৰি বহুলোকে বিজেপিত যোগদান কৰিছিল অথবা কংগ্ৰেছৰ শক্তিশালী দূৰ্গত স্খলন ঘটি কংগ্ৰেছ ক্ৰমাৎ দুৰ্বল হৈ পৰিছে বুলি বিজেপিয়ে দাবী কৰি আহিছে। কিন্তু তেনে সময়তে বিজেপিৰ বিপৰীত মেৰুত অৱস্থান কৰি থকা কংগ্ৰেছক প্ৰত্যাহ্বান জনাই বিজেপিয়ে ব্যাপক তৎপতাৰে নিৰ্বাচনী প্ৰচাৰ চলাবলগীয়া হৈছে পাহাৰীয়া জিলাখনৰ বিভিন্ন প্ৰান্তত।

নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অংশ হিচাপে পশ্চিম কাৰ্বি আংলং তথা কাৰ্বি পৰিষদৰ পৰিষদীয় হামৰেন সমষ্টিৰ থাৰৱে-চেৰপ, ৰংহিদী আৰু আৰচঙত অনুষ্ঠিত কৰে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভা। আয়োজিত সভাকেইখনত উপস্থিত থাকে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মংগলছিং তিমুঙৰ বিপৰীতে পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ ক্ৰমে উপ-সভাপতি প্ৰতাপ টেৰাং, কাৰ্যালয় সম্পাদক হাৰমন বে, পৰিষদীয় হামৰেন সমষ্টিৰ গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংছ', বিজেপি নেতা মঙ্গল বে', লংছিং ৰংফাৰ, বিজেপি মহিলা নেতৃবৃন্দকে ধৰি কেবাশতাধিক পুৰুষ-মহিলা উপস্থিত থাকে।

সভাত ভাষণৰ প্ৰসংগত ৰাইজক উদ্দেশ্যি জনপ্ৰতিনিধি তথা পৰিষদীয় সদস্য মংগলছিং তিমুঙে হামৰেন সমষ্টিত হোৱা উন্নয়ন আৰু বিকাশৰ ছবি দাঙি ধৰি কয় যে সমষ্টিটোৰ অন্তৰ্গত যিবোৰ বাটেৰে খোজকাঢ়ি যোৱাটোও কষ্টকৰ অথবা অসম্ভৱ আছিল সেই বাটেৰে এতিয়া চাৰি চকীয়া বাহনেৰে অহাযোৱা কৰিব পৰা হৈছে। যিবোৰ দূৰ্গম স্থানত বাট কুৰি বাই গাঁওবাসীয়ে খোৱাপানী কঢ়িয়াই আনিব লগা হৈছিল সেইবোৰ গাঁওত এতিয়া বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ পদ্ধতি ব্যৱহাৰ কৰি পোনপটীয়াকৈ বিশুদ্ধ খোৱাপানীৰ যোগান ধৰা হৈছে। কল্যাণমূলক আঁচনিৰ জৰিয়তে দৰিদ্ৰ হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ, শৌচালয় আদি প্ৰদান কৰা হৈছে। আনকি যাতায়ত উন্নয়নৰ লক্ষ্যৰে সমষ্টিটোত উলমা দলং পৰ্যন্ত নিৰ্মাণ কৰি ৰাইজক সুবিধা প্ৰদান কৰা হৈছে। মুঠতে কংগ্ৰেছ চৰকাৰৰ আমোলত হামৰেন সমষ্টিবাসীৰ মনত অলীগ কল্পনা আৰু সপোন হৈ থকা বিষয়বোৰ এতিয়া বিজেপি চৰকাৰৰ দিনত বাস্তৱত লাভ কৰিবলৈ সক্ষম হৈছে বা দিঠকত দেখিবলৈ পাইছে সমষ্টিবাসীয়ে বুলি মন্তব্য কৰে মংগলছিং তিমুঙে।

অনাগত দিনত পাহাৰীয়া জিলাখনৰ উন্নয়ৰ স্বাৰ্থত, স্বায়ত্ত শাসিত ৰাজ্য প্ৰাপ্তিৰ স্বাৰ্থত, ৰাজ্যৰ ভিতৰতে কাৰ্বি আংলং জিলাক অন্যতম আৰু জাকত জিলিকা জিলা হিচাপে পৰিগণিত কৰাৰ স্বাৰ্থত বিজেপিৰ প্ৰাৰ্থীক জয়যুক্ত কৰাই বিজেপিৰ ভেটি মজবুত কৰি ৰাখিব লাগিব বুলি প্ৰকাশ কৰাৰ লগতে বিজেপিৰ প্ৰাৰ্থী হৰেন ছিং বে'ক ভোটদান কৰিবলৈ আহ্বান জনায় তিমুঙে। উল্লেখ্য যে, আজিৰ আয়োজিত থাৰৱে-চেৰপৰ সভাত মুঠ ১০ টা পৰিয়ালে কংগ্ৰেছ ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে।